NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী : জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আৰ এছ এছৰ নেতা

June 29, 2024 5:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 29, 2024 5:26 pm

নেট-নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ মাজতে বিতৰ্কলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়। মাৰ্কশ্বীটৰ কেলেংকাৰীক কেন্দ্ৰ লৈ বিতৰ্কলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়।

এই তথ্য লাভ কৰাৰ পিছতে তদন্ত আৰম্ভ কৰি ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্ক শ্বীট কেলেংকাৰীত জড়িত থকাৰ সন্দেহত বৰপেটা ৰোড থানাৰ আৰক্ষীয়ে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কৰ্তৃপক্ষই জনোৱা মতে, আৰ্থিক লেনদেনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বীটত অবৈধভাৱে নম্বৰ বৃদ্ধি কৰা হৈছিল।

বৃহস্পতিবাৰে বৰপেটাত ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বিষয়টো সন্দৰ্ভত ভাষণ দিয়ে। তেওঁ নিশ্চিত কৰে যে অসম আৰক্ষী আৰু চি আই ডিয়ে যৌথভাৱে এই গোচৰৰ তদন্ত কৰি আছে, যাৰ ফলত এই পৰ্যন্ত আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু পিছত এই ঘটনাত আৰু এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

 এই ঘটনাত আৰু বহু লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। বৰপেটা ৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ আজিজুল হকৰ নম্বৰত খেলিমেলি লক্ষ্য কৰে। তেতিয়াই এই কেলেংকাৰী পোহৰলৈ আহে। লগে লগে বৰপেটা ৰোড আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়।

ইফালে মাৰ্ক শ্বীট জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে এজন আৰ এছ এছৰ নেতা। মাৰ্ক শ্বীট কেলেংকাৰীত জড়িত আৰ এছ এছৰ নেতাজন হৈছে শিৱতোষ মাহাতো। তেওঁ ধুবুৰীৰ বাসিন্দা। তেওঁ ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ বিভাগৰ অধ্যাপক।

শুকুৰবাৰে বিয়লি বৰপেটাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিৱতোষক। আৰক্ষীৰ মতে, গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ কাণ্ডৰ সৈতেও শিৱতোষ জড়িত।

চি আই ডিয়ে তেওঁৰ তদন্ত অব্যাহত ৰাখিছে।

Related News