NORTHEAST NOW (Assamese)

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ : অহা ৫ জানুৱাৰিত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ মেচ

September 25, 2019 8:01 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দুখনকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ সফল আয়োজনৰ পাছত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এইবাৰ তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আয়োজনৰ সুবিধা লাভ কৰিছে অসম ক্ৰিকেট সন্থাই।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে ঘোষণা কৰা অনুসৰি অহা বছৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰি মাহত তিনিখনীয়া টি-২০ ছিৰিজৰ বাবে ভাৰতলৈ আহিব শ্ৰীলংকা।

সেই ভ্ৰমণৰ সূচী অনুসৰি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ছিৰিজৰ প্ৰথমখন মেচ। মেচখন অনুষ্ঠিত হ’ব ৫ জানুৱাৰিত। তিনিখনীয়া টি-টুৱেণ্টি ছিৰিজৰ বাকী কেইখন খেল ক্ৰমে ৭ জানুৱাৰিত ইণ্ডোৰ আৰু ১০ জানুৱাৰিত পুনেত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে শ্ৰীলংকাৰ বিপৰীতে টি-২০ শৃংখলাটোত অংশ ল’বলৈ ভাৰতলৈ অহাৰ কথা আছিল জিম্বাব’ৱে। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা চমুকৈ আই চি চিয়ে যোৱা ১৮ জুলাইত জিম্বাব’ৱে দলটোক নিষিদ্ধ কৰাৰ বাবে বি চি চি আইয়ে শ্ৰীলংকা দলক আমণ্ট্ৰণ কৰে।

উল্লেখ্য যে ২০১৭ চনৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ।

ইয়াৰ পাছত যোৱা বৰ্ষৰ ২১ অক্টোবৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হয় আন এখন আন্তঃৰাষ্ট্ৰীয় মেচ। মেচখন অনুষ্ঠিত হৈছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত।

Related News