NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ক’ভিড ৰোগীলৈ বিশেষ সুবিধা, শীঘ্ৰেই আন ঠাইলৈয়ো সম্প্ৰসাৰণ হ’ব

August 9, 2020 9:58 pm · এন ই নাও নিউজ
Updated: August 9, 2020 10:01 pm

গুৱাহাটী মহানগৰৰ ক’ভিড ৰোগীসকলে ঘৰত আছুতীয়াকৈ থাকিব খুজিলে ১০ আগষ্টৰ পৰা এটা পালছ অক্সিমিটাৰ আৰু প্ৰয়োজনীয় দৰৱ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব।

এইসকল ব্যক্তিৰ বাবে ১০৪ৰ জৰিয়তে টেলি মেডিচিন সেৱাও সক্ৰিয় কৰা হৈছে।

গুৱাহাটীৰ পিছতে শীঘ্ৰেই অসমৰ আন ঠাইতো এই সুবিধাৰ ব্যৱস্থা কৰা হ’ব।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বিশেষকৈ গুৱাহাটীত শেহতীয়াকৈ ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আহিছে।

শনিবাৰলৈকে ২৪ ঘণ্টাত অসমত ৫৪,৮৪৫টা ক’ভিড টেষ্ট সম্পন্ন হৈছে, ২২১৮গৰাকী ব্যক্তি পজিটিভ চিনাক্ত হৈছে। পজিটিভৰ হাৰ হৈছে ৪.০৪ শতাংশ।

আনহাতে অসমৰ স্বাস্থ্য বিভাগে অহা ১২ আগষ্টৰ পৰা দিনে এক লাখ ক’ভিড টেষ্টৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ক’ভিড মহামাৰীৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত টেষ্টক অগ্ৰাধিকাৰ দি এই প্ৰস্তুতি চলোৱা হৈছে।

অসমত বৰ্তমান দিনে ৫০ৰ পৰা ৬০হাজাৰৰ ভিতৰত ক’ভিড টেষ্ট সম্পন্ন হৈ আহিছে।

যোৱা ৪ আগষ্টত অসমত ২৪ ঘণ্টাত এতিয়ালৈকে সৰ্বাধিক ৫৯,০৬৪টা টেষ্ট সম্পন্ন হৈছে।

অসমৰ বিভিন্ন জিলাত ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ১.৫ৰ পৰা ২১ শতাংশলৈকে দেখা গৈছে।

১৭৮২গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্য লোকৰ সংখ্যাই শনিবাৰে ৪০হাজাৰ অতিক্ৰম কৰিছে।

অসমত শনিবাৰলৈকে ৪০,৫৯১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শনিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৬,৯৮০ (।)

নতুন ক’ভিড পজিটিভ ব্যক্তিসকলক ধৰি অসমত চিনাক্ত মুঠ আক্ৰান্তৰ সংখ্যা শনিবাৰ পৰ্য্যন্ত ৫৭,৭১৪লৈ বৃদ্ধি পাইছে।

Related News