NORTHEAST NOW (Assamese)
জীৱনশৈলী

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2025 6:31 am
জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম আৰু যোগাসন কোনোটোৱেই নিজেই অনুপযুক্ত নহয়। দুয়োটা নিৰ্ভৰ কৰে ব্যক্তিৰ পচন্দ, স্বাস্থ্য আৰু সুবিধাৰ ওপৰত।

জিম কৰিলে মাংসপেশী বৃদ্ধি আৰু শক্তিশালী হয়।  ই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগত ওজন নিয়ন্ত্ৰণ কৰে। যিসকলে মাংসপেশী বৃদ্ধি, ক্ৰীড়া প্ৰদৰ্শন, বা উচ্চ-তীব্ৰতাৰ ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকৰ বাবে জীম অতি দৰকাৰী।

আনহাতে, শৰীৰৰ নমনীয়তা, ভাৰসাম্য, আৰু মানসিক শান্তিৰ বাবে যোগাসন মহৌষধ। ই মানসিক চাপ হ্ৰাস কৰে। যোগাসনৰ বাবে কোনো সামগ্ৰীৰ প্ৰয়োজন নহয়।

গতিকে আপোনাৰ লক্ষ্য আৰু পচন্দ অনুসৰি জীম বা যোগাসনৰ যিকোনো এটা নিয়মিতভাবে কৰিলে স্বাস্থ্য ৰক্ষাত গুৰুতৰ ভূমিকা গ্ৰহণ কৰিব পাৰে।