NORTHEAST NOW (Assamese)
দেশ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2025 9:49 pm
ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

অপাৰেচন সিন্দুৰ’ আৰু পাকিস্তানী সেনাবাহিনীৰ ব্যৰ্থ ড্ৰ’ন আক্ৰমণৰ পিছত নতুন দিল্লী আৰু ইছলামবাগৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে দেশৰ ২৪টা বিমানবন্দৰ ১৪ মে’লৈকে বন্ধ ৰখাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে ১০ মে’লৈ বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু পাকিস্তানে বাৰে বাৰে আক্ৰমণৰ চেষ্টা কৰাৰ পিছত এই সময় বৃদ্ধি কৰা হ’ল।

অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই ‘Notice to Airmen’ (NOTAM)ৰ জৰিয়তে এই তথ্য জাৰি কৰিছে। ফলত ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছকে ধৰি কেইবাটাও বিমান সংস্থাৰ শতাধিক বিমান বৰ্তমান বন্ধ হৈ পৰিছে।