NORTHEAST NOW (Assamese)
দেশ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2025 9:04 pm
আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

বৃহস্পতিবাৰে নিশা পাকিস্তানে ভাৰতৰ ওপৰত ডাঙৰ আক্ৰমণৰ চেষ্টা চলাইছিল। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতীয় সেনাই এক সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰে যে পাকিস্তানে ৩৬টা স্থানত ৩০০ৰ পৰা ৪০০ ড্ৰ’ণেৰে আক্ৰমণৰ চেষ্টা কৰিছিল। অৱশ্যে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই আক্ৰমণক প্ৰতিহত কৰে।

শুকুৰবাৰে সংবাদমেলত উপস্থিত থাকে কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিং। তেওঁ কয় যে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ অসামৰিক বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। সেই কাৰণে তেওঁলোকে নিজৰ আকাশমাৰ্গ বন্ধ কৰা নাছিল আৰু যাত্ৰীবাহী বিমান উৰিবলৈ দিছিল। এনেদৰে সীমান্তত থকা ভাৰতীয় সেনাৰ ঘাটি উৰুৱাবলৈ চেষ্টা কৰিছিল পাকিস্তানে।

পাকিস্তানে জম্মু-কাশ্মীৰৰ পৰা পঞ্জাব, গুজৰাট, ৰাজস্থানলৈকে এক বিশাল অঞ্চলত আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

ভাৰতীয় সেনাই কয় যে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত যাত্ৰীক সুৰক্ষা দিয়াৰ বাবে ভাৰতীয় পক্ষআকাশমাৰ্গ কেইবা ঘণ্টা ধৰি বন্ধ কৰি দিছিল। কিন্তু পাকিস্তানে তেনে কৰা নাছিল। আনকি ড্ৰ’ন আক্ৰমণৰ সময়তো কৰাচী আৰু লাহোৰৰ মাজত বিমান চলাচল কৰা দেখা গৈছিল। কেৱল সেয়াই নহয়, সেই সময়ত দুয়োখন দেশৰ সীমান্ত অঞ্চলত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও চলি আছিল।