NORTHEAST NOW (Assamese)
অসম

টীয়কত পুনৰ হেকাৰৰ কৱলত মহিলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2022 5:10 pm
টীয়কত পুনৰ হেকাৰৰ কৱলত মহিলা

টীয়কৰ কলিয়াপানী চাংমাই গাঁৱৰ প্ৰনীতা বাৰুৱতী নামৰ এগৰাকী মহিলাই টীয়কৰ জগদুৱাৰৰ SBI এ টি এমৰ পৰা ধন উলিয়াই নিওতে কাষতে থকা দুজন অচিনাকী হিন্দীভাষী ব্যক্তিয়ে পলকতে তেওঁৰ অজ্ঞাতে এটি এমখন বদলাই পেলায়।

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে পৰৱৰ্ত্তী সময়ত যেতিয়া ম’বাইল পুনৰ টকা কটাৰ মেছেজ পাই তেতিয়া আচৰিত হৈ পৰে আৰু লগে লগে ঘৰৰ ব্যক্তিক অৱগত কৰে।

আৰু টীয়ক আৰক্ষীক এজাহাৰ দাখিল কৰে।

অভিযোগ মতে অনলাইন চপিংৰ যোগে পলকতে ৭৪০০০ টকা SBI একাউন্টৰ শ্বিলঙৰ আশীষ ভট্টাচাৰ্য নামৰ এগৰাকী ব্যক্তিৰ নামত ৪০০০০ টকা ট্ৰেঞ্চফাৰ হয় আৰু গৌৰীসাগৰৰ ATM ৰ পৰা ৩১০০০ টকা নগদ উলিয়াই মুঠ ১৪৫০০০ টকা মাত্ৰ আধা ঘন্টাৰ ভিতৰত হৰলুকী কৰে।আৰক্ষীয়ে ইতিমধ্যে সকলো নথি লৈ তদন্ত আৰম্ভ কৰিছে।