NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক কেবিনেটৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাৰ সংবাদমেল

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী February 2, 2022 4:39 pm

ৰাজ্যিক কেবিনেটৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাৰ সংবাদমেল।

ৰাজ্যিক কেবিনেটত পথ সংযোগৰ বাবে ৯৫৮ কোটি টকা অনুমোদন। এই আঁচনিৰ অধীনত ১১৪ টা মাথাউৰিৰ ওপৰত পকী ৰাস্তাৰ লগতে ৬ খন দলং নিৰ্মাণ কৰা হ’ব। মথাউৰিৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে এই সিদ্ধান্ত।

তামুলপুৰ মেডিকেল কলেজ নিৰ্মাণৰ বাবে ৪৫০ কোটি টকা ধায্য কৰা হৈছে।

১০৩১ কোটি টকা পাঁচটা ৰাস্তা নিৰ্মাণ কৰাৰ বাবে ধায্য কৰা হৈছে।

মৰিয়নিত ১০৩ টা পৰিয়ালক ভূমি আবন্টন বা মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত।

শিলচৰ পৌৰ সভাক পৌৰ নিগম বুলি গণ্য কৰা হ’ব। এতিয়াৰে পৰা ৰাজ্যত দুখন পৌৰ নিগম হ’ব। প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কাছাৰৰ জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে।

যোৰহাট বিমান বন্দৰৰ সীমা বৃদ্ধি কৰিবৰ বাবে ১৫৬.৯ কোটি টকাৰ লগতে ১১৪ লেছা ভূমি আবন্টন দিয়া হৈছে।

অসমৰ প্ৰতীক নিৰ্ধাৰণৰ বাবে মন্ত্ৰী কেশৱ মহন্ত আৰু ৰণোজ পেগুৰ নেতৃত্বত সমিতি গঠন কৰা হৈছে।