NORTHEAST NOW (Assamese)

মৰাণত শিলাবৃষ্টি: নেটিজেনৰ চকুত উপভোগ্য, কৃষকৰ বিভীষিকা

December 27, 2022 1:28 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত শীতপ্ৰবাহৰ আগজাননী দি আজি কেইবাঠাইতো সৃষ্টি হয় প্ৰবল শিলাবৃষ্টিৰ। বিশেষকৈ উজনি অসমৰ মৰাণ অঞ্চলত অবিশ্বাস্য হাৰত দেখিবলৈ পোৱা যায় শিলাবৃষ্টিৰ প্ৰকোপ।

আজি পুৱাৰ ভাগত হোৱা এই প্ৰবল শিলাবৃষ্টিৰ পাছতে সামাজিক মাধ্যমত প্ৰকাশ পায় শিল বৰষুণে বগা কৰি তোলা মৰাণৰ কেইবাখনো ছবি তথা ভিডিঅ’।

 

এই ফটো তথা ভিডিঅ’সমূহ শ্বেয়াৰ কৰি সামাজিক মাধ্যমত একাংশ লোকে এই দৃশ্য উপভোগ কৰা দেখিবলৈ পোৱা যায়। বহুলোকে এনে দৃশ্যত প্ৰাকৃতিক ৰূপৰ সোৱাদ লয়।

পিছে শিলাবৃষ্টিত নেটিজেনৰ এই ৰোমাণ্টিক ভাব-বিলাসৰ বিপৰীতে শিলাবৃষ্টিয়ে অথন্তৰ নমাই আনিছে স্থানীয় কৃষকসকললৈ। সাধাৰণতে ৰাজ্যত এইসময়ত কৃষকসকলে পথাৰত নিয়মীয়া ধান খেতি সামৰে যদিও বিভিন্ন বাম শস্যৰ খেতি কৰে।

কিন্তু আজিৰ প্ৰচণ্ড শিলাবৃষ্টিয়ে কৃষকসকলৰ বাৰীৰ খেতিৰ বিস্তৰ ক্ষতিসাধন কৰে।

শিলাবৃষ্টিয়ে সৃষ্টি কৰা ক্ষতিৰ বিভীষিকাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে।

কেৱল খেতিয়েই নহয়, বৰষুণত পৰা ডাঙৰ ডাঙৰ শিলৰ টুকুৰাই ক্ষতি সাধন কৰিছে বহু লোকৰ বাসগৃহতো।

শিলাবৃষ্টিয়ে বিভীষিকা নমাই আনিছে পক্ষীকূললৈও। বৃষ্টিপাতৰ ফলত মৃত্যু হোৱা পক্ষীৰ ফটোও সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে।

ইফালে অসমত এনে অবিশ্বাস্য হাৰত হোৱা শিলাবৃষ্টিয়ে চিন্তিত কৰি তুলিছে সচেতন মহলক। জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতাৰ ফলতে আজি ৰাজ্যত এনে অকল্পনীয় দৃশ্য দেখিবলৈ পোৱাৰ লগতে ভৱিষ্যতে জলবায়ু পৰিৱৰ্তনৰ ফলত ইয়াতকৈও ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে।

Related News