NORTHEAST NOW (Assamese)

ফেচবুকত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ হাজো আৰক্ষীৰ

September 18, 2020 3:33 pm · মৃদুল প্ৰীতম ডেকা
Updated: September 18, 2020 3:37 pm

ছ’চিয়েল মিডিয়াৰ অন্যতম জনপ্ৰিয় মাধ্যম ফেচবুকৰ জৰিয়তে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি অৱশেষত আৰক্ষীৰ জালত পৰিল এজন যুৱক।

ৰাজ্যৰ স্বাস্থ্য,শিক্ষা আদি গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিছুদিন পূৰ্বে ফেচবুকৰ জৰিয়তে হত্যাৰ ভাবুকি দিছিল হাজোৰ যুৱক আকতাৰ আলীয়ে।

এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰাৰ লগতে মন্ত্ৰীক ভাবুকি দিয়া যুৱক জনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ সজোৰে দাবী উত্থাপন হৈছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই যোৱা নিশা আকতাৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া যুৱক জনৰ সৈতে কোনো  সন্ত্ৰাসবাদী গোটৰ যোগাযোগ থাকিব পাৰে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে এই বিষয়ত অধিক অনুসন্ধান চলালে বহু তথ্য পোহৰলৈ আহিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

আকতাৰক জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

Related News