NORTHEAST NOW (Assamese)
অসম

হাজো আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া বেঙা

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা July 18, 2021 7:20 pm
bonn

হাজোত এজনৰ  পাছত আনজনকৈ  জালত পৰিছে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।

এইবাৰ হাজো আৰক্ষীৰ জালত পৰিছে কামৰূপ আৰক্ষীৰ মোষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া জিয়াউৰ ৰহমান ওৰফে বেঙা।

হাজোৰ শনিয়াদীৰ নিজৰ ঘৰৰ পৰাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এই ড্ৰাগছ মাফিয়াটোক।

এই অভিযানত আৰক্ষীয়ে লগতে জব্দ কৰিবলৈ সক্ষম হৈছে পাঁচটাকৈ হেৰ’ইন ভৰ্তি কন্টেইনাৰ।

দীৰ্ঘদিন ধৰি এই জিয়াউৰ ৰহমানে আৰক্ষীৰ চকুত ধুলি দি হাজোৰ লগতে সমগ্ৰ উত্তৰ কামৰূপত চলাই আহিছিল এই মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।

বেঙা জালত পৰাৰ পিছত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে কামৰূপ আৰক্ষীয়ে।
ইতিমধ্যে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ড্ৰাগছ মাফিয়া জিয়াউৰ ৰহমান ওৰফে বেঙাক।