NORTHEAST NOW (Assamese)
Popular Stories

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ! আমেৰিকাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 8, 2025 6:42 pm
ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ! আমেৰিকাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতৰ

ভাৰতে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ ললে। নতুন দিল্লীয়ে আমেৰিকাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

ৰয়টাৰে দাবী কৰিছে যে অহা কেইসপ্তাহমানৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৱাশ্বিংটন ভ্ৰমণ কৰাৰ কথা আছিল। সেই সময়ত ভাৰতে আমেৰিকাৰ পৰা কেইবাটাও অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ট্ৰাম্পৰ শুল্ক ভাবুকিৰ বাবে নতুন দিল্লীয়ে আপাততঃ সেই পৰিকল্পনা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে ভাৰতে নিজৰ অস্ত্ৰভাণ্ডাৰ সমৃদ্ধ কৰিবলৈ আমেৰিকাৰ পৰা ষ্ট্ৰাইকাৰ যুদ্ধ বাহন, জেভেলিন এণ্টি টেংক মিছাইল আৰু ছখন বয়িং পি ৮ আই চোৱাচিতা বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল।

আমেৰিকাৰ বিষয়াসকলৰ মতে ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰথম ২৫ শতাংশ শুল্ক অহা ৭ আগষ্টৰ পৰা কাৰ্যকৰী হব।পৰৱৰ্তী ২৫ শতাংশ শুল্ক ২১ দিনৰ পাছত আৰোপ কৰা হব। অৱশ্যে ইতিমধ্যে ভাৰত এৰি আমেৰিকালৈ যোৱা সামগ্ৰীৰ ওপৰত আমেৰিকা প্ৰশাসনে শুল্ক আৰোপ নকৰে।