NORTHEAST NOW (Assamese)

হাজোত বস্তাই-বস্তাই জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা; আটক গাঞ্জা ব্যৱসায়ী

June 13, 2022 3:23 pm · মৃদুল প্ৰীতম ডেকা, কামৰূপ

হাজোত বস্তাই-বস্তাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে হাজো আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত জব্দ হৈছে প্ৰায় ১ কুইন্টল গাঞ্জা।

হাজোৰ বাগটাত আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৯ লাখ ৫০ হাজাৰ টকা হ’ব।

লগতে পঢ়ক: সামাজিক মাধ্যমত ‘ষ্টেটাছ’ দি নিৰুদ্দেশ শিক্ষাৰ্থী; দুই কিশোৰীৰ নিৰুদ্দেশকলৈ টীয়কত চাঞ্চল্য

এই অভিযানত আৰক্ষীয়ে গাঞ্জা সহিতে আটক কৰিছে সনাতন ডেকা নামৰ এজন গাঞ্জা ব্যৱসায়ীক।

আটকাধীন সনাতন ডেকা নামৰ লোকজন দীৰ্ঘদিন ধৰি গাঞ্জা ব্যৱসায়ীৰ লগত জড়িত থকাৰ অভিযোগ আছে।

লগতে পঢ়ক: দুধনৈ ব্যৱসায়ী সন্থাত বিত্তীয় অনিয়ম-কেলেংকাৰী; হিচাপ পৰীক্ষাত ওলাল জোলোঙাৰ মেকুৰী

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্ব্ৰাৱেল দৈমাৰীৰ নেতৃত্বত এই বৃহৎ অভিযান চলোৱা হৈছিল।

Related News