NORTHEAST NOW (Assamese)

অহা ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ৫০শতাংশ লোকেই আক্ৰান্ত হ’ব কৰ’নাত!

October 20, 2020 10:37 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

অহা বছৰৰ ফেব্ৰুৱাৰি মাহৰ ভিতৰত দেশৰ ৫০শতাংশ লোকেই কৰ’নাত আক্ৰান্ত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত পেনেলে দাঙি ধৰিছে এই মত।

সোমবাৰে পেনেলৰ সদস্যসকলে জানিবলৈ দিয়ে যে অহা ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ১.৩ বিলিয়ন লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব।

বৰ্তমানলৈ দেশৰ মুঠ ৭.৫৫মিলিয়ন লোক কৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ মুঠ সংখ্যাৰ হিচাপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতেই আছে ভাৰত।

পেনেলে দাবী কৰা অনুসৰি, এতিয়ালৈকে দেশ ৩০ শতাংশ লোক কৰ’নাত আক্ৰান্ত হৈছে। অহা ফেব্ৰুৱাৰিত এই হাৰ ৫০শতাঁশলৈ বৃদ্ধি পাব।

পেনেলে লগতে জানিবলৈ দিয়া মতে চৰকাৰী ছেৰ’লজিকেল জৰীপতকৈয়ো দ্ৰুত গতিত সংক্ৰমিত হৈছে কৰ’না। চৰকাৰৰ ছেৰ’লজিকেল ছাৰ্ভে অনুসৰি ছেপ্টেম্বৰলৈকে মাত্ৰ ১৪শতাংশহে আক্ৰান্ত হৈছে।

ইপিনে, এই পেনেলে সতৰ্ক কৰি দি কৈছে যে চৰকাৰী নিয়ম-নীতি নামানিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সামাজিক দূৰত্ব নামানিলে বা মাস্ক পৰিধান নকৰিলে সমগ্ৰ দেশেই সংকটত পৰিব।

এই পেনেলত থকা সদস্যসকলৰ মাজত আছে আইচিএমআৰ আৰু আইআইটিৰ সদস্য। তেওঁলোকে জানিবলৈ দিয়ে যে সুৰক্ষাবিধি মানি চলিলে অহা বছৰৰ আৰম্ভণিতেই কৰ’না ভাইৰাছ নিয়ন্ত্ৰণ কৰিব পৰা যাব।

সকলোৱে প্ৰট’কল মানি চলিলে অহা ফেব্ৰুৱাৰিৰ শেষলৈ আক্ৰান্তৰ সংখ্যা বহুখিনি হ্ৰাস পাব।

Related News