NORTHEAST NOW (Assamese)

ন-ইংগিত! ইজৰাইলৰ প্ৰতিশোধৰ মাজতে দুই পণবন্দীক মুকলি হামাছৰ

October 24, 2023 10:39 am · এন ই নাও নিউজ, গুৱাহাটী

গত ৭ অক্টোবৰত হামাছৰ ইজৰাইল আক্ৰমণে সূচনা কৰা ৰক্তক্ষয়ী যুদ্ধই ইজৰাইল-পেলেষ্টাইনত সম্প্ৰতি বিয়পাই ৰাখিছে কেৱল বিভীষিকাৰ ছাঁ। যুদ্ধৰ এই মৃত্যুকেলীয়ে এইপৰ্যন্ত সহস্ৰ লোকৰ প্ৰাণ লৈছে।

যুদ্ধৰ এই ৰক্তপিপাসু উন্মাদনাৰ মাজতে যেন শুভবুদ্ধিৰ উদয় হৈছে হামাছৰ। চলিত যুদ্ধৰ ভৱিষ্যতলৈ এক ন ইংগিত প্ৰদান কৰি পণবন্দী দুগৰাকী ইজৰাইলী মহিলাক হামাছে মুকলি কৰি দিছে।

মানৱীয় কাৰণত আৰু দুৰ্বল স্বাস্থ্যৰ বাবেই এই দুই মহিলাক মুকলি কৰা হৈছে বুলি সদৰী কৰিছে হামাছৰ সশস্ত্ৰ শাখাৰ মুখপাত্ৰ আবু উবাইদাই। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিশ্চিত কৰিছে দুই মহিলাৰ মুক্তিৰ তথ্য।

দুই মহিলা ক্ৰমে ৭৯ বছৰীয়া নুৰিট কুপাৰ আৰু ৮৫ বছৰীয়া যোচেভেড লিফশ্বিট্জক হামাছে মুকলি কৰা বুলি সদৰী কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হ’ব বুলি উল্লেখ কৰিছে।

গাজা আৰু ইজিপ্তৰ মাজৰ ৰাফাহ সীমান্ত ক্ৰছিঙলৈ মহিলাকেইগৰাকীক লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে হামাছে দুই পণবন্দী আমেৰিকান মাতৃ আৰু কন্যাক মুকলি কৰি দিছিল।

কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হামাছে আৰু ৫০ জন পণবন্দীক মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। লক্ষণীয়ভাৱে যুদ্ধৰ সময়ত হামাছে মুঠ ২২২ জন লোকক পণবন্দী কৰা বুলি নিশ্চিত কৰিছিল ইজৰাইলে।

উল্লেখ্য যে, হামাছৰ আক্ৰমণৰ পিছতে প্ৰতিশোধৰ লক্ষ্যৰে ইজৰাইলে তাৎক্ষণিক আক্ৰমণ আৰম্ভ কৰিছিল। ইজৰাইলৰ এই আক্ৰমণত ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱা বুলি গাজাই দাবী কৰিছে।

এই যুদ্ধোন্মাদনাৰ মাজতে হামাছে পণবন্দীসকলক মুকলি কৰি দিয়াৰ পৰিকল্পনাই স্বাভাৱিকতে যুদ্ধৰ ভয়াৱহতা নাশৰ ইংগিত বহন কৰিছে।

Related News