NORTHEAST NOW (Assamese)
Popular Stories

৬৬ বছৰীয়া ডায়েলাইছিছ ৰোগীৰ দেহত সংৰোপণ কৰা হ’ল গাহৰিৰ কিডনি! মৃত্যু মুখৰ পৰা বাচিল ব্যক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2025 3:25 pm

নিউ হেম্পশায়াৰৰ ৬৬ বছৰীয়া টিম এণ্ড্ৰুজৰ দেহত এইবাৰ গাহৰিৰ কিডনি সংৰোপণ কৰা হৈছে। ২৫ জানুৱাৰীত এণ্ড্ৰুজে অতি পৰীক্ষামূলক গাহৰিৰ বৃক্ক লাভ কৰে আৰু মাত্ৰ এসপ্তাহৰ পিছতে মেছাচুচেটছ জেনেৰেল হস্পিতাল এৰি গুচি যায়।

খবৰ অনুসৰি এণ্ড্ৰুজ এতিয়া ডায়েলাইছিছৰ পৰা মুক্ত হৈ আছে আৰু তেওঁৰ অৱস্থা সুস্থ।

এণ্ড্ৰুজে যোৱা দুবছৰ ধৰি বৃক্ক বিকলতাৰ সৈতে যুঁজি আছিল আৰু প্ৰতিস্থাপনৰ তালিকাত থকাৰ পিছতো মিল থকা বৃক্কৰ বাবে সাত বছৰ বা তাতকৈ অধিক অপেক্ষা কৰিব পাৰে।

ডায়েলাইছিছৰ জটিলতা আৰু হৃদযন্ত্ৰৰ সমস্যাৰ বাবে তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা কম আছিল। বিকল্প বিচাৰিবলৈ সংকল্পবদ্ধ হৈ তেওঁ পৰীক্ষামূলকভাৱে গাহৰিৰ বৃক্ক সংৰোপণ কৰিবলৈ সন্মত হয়।

এণ্ড্ৰুজে নিজৰ ফিটনেছ বৃদ্ধিৰ বাবেও কেইবাটাও নিয়ম মানি চলে। গাহৰিৰ বৃক্ক লাভ কৰাৰ পিছত চিকিৎসকে প্ৰকাশ কৰা অনুসৰি প্ৰতিস্থাপনৰ পিছত এণ্ড্ৰুজৰ শৰীৰত গাহৰিৰ কিডনিয়ে ক্ৰমান্বয়ে কাম কৰিবলৈ আৰম্ভ কৰে। এই কিডনিয়ে কোনো সমস্যা নোহোৱাকৈ প্ৰস্ৰাৱ উৎপন্ন কৰে আৰু প্ৰত্যাখ্যানৰ কোনো লক্ষণ নোহোৱাকৈ কিডনিৰ স্বাভাৱিক কাৰ্য্য সম্পাদন কৰে। ডায়েবেটিছ আৰু ডায়েলাইছিছৰ জটিলতাত আক্ৰান্ত এণ্ড্ৰুজ এতিয়া বহুত সুস্থ হৈছে।

পূৰ্বৰ পৰীক্ষাসমূহে অল্পকালীন প্ৰতিস্থাপনকে ধৰি মিশ্ৰিত ফলাফল দেখুৱাইছে যদিও শেহতীয়াকৈ জিন সম্পাদনাৰ অগ্ৰগতিৰ ফলত প্ৰাণীৰ অংগসমূহ মানৱ শৰীৰৰ সৈতে অধিক সামঞ্জস্যপূৰ্ণ হৈ পৰিছে। বিশেষকৈ যিসকল ৰোগীৰ স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে মানুহৰ কিডনি প্ৰতিস্থাপনৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা কম, তেওঁলোকৰ বাবে এণ্ড্ৰুজৰ আৰোগ্যই জেনোট্ৰান্সপ্লাণ্টেচনৰ ভৱিষ্যতৰ আশা বৃদ্ধি কৰাত সহায় কৰিছে।

মেছাচুচেটছ জেনেৰেলৰ চিকিৎসকসকলে আশাবাদী যে এই সফলতাই অধিক আনুষ্ঠানিক গৱেষণা আৰু শেষত ক্লিনিকেল ট্ৰায়েলৰ সূচনা কৰিব পাৰে। নৱেম্বৰ মাহত পঞ্চমটো সফল গাহৰিৰ কিডনি সংৰোপণ কৰা এন ৱাই ইউ লেংগন হেল্থকে ধৰি আন আন চিকিৎসালয়সমূহেও এই প্ৰচেষ্টাত যোগদান কৰিছে, য’ত ৰোগীজনৰ অৱস্থা এতিয়াও সুস্থ হৈ আছে।