NORTHEAST NOW (Assamese)
অসম

২২ জানুৱাৰিত ফাঁচি নহয় নিৰ্ভয়াৰ চাৰি ধৰ্ষণকাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 16, 2020 6:42 pm
Nirbhaya incedent

শেষমুহূৰ্তত চলি থকা জল্পনা-কল্পনাই সত্য হ’ল। আইনী জটিলতাৰ বাবে ২২ জানুৱাৰিৰ নিৰ্ধাৰিত তাৰিখত ফাঁচি দিয়া নহয় নিৰ্ভয়াৰ চাৰিজন ধৰ্ষণকাৰীক।

এতিয়া ধৰ্ষণকাৰী কেইজনক কেতিয়া ফাঁচি দিয়া হ’ব সেই সম্পৰ্কেও কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নায়।

পাতিয়ালা হাউচ কোৰ্টে তিহাৰ জেল কৰ্তৃপক্ষৰ পৰা ফাঁচিৰ সন্দৰ্ভত বিস্তাৰিত প্ৰতিবেদন বিচাৰিছে।

তথ্য মতে, তিহাৰ জেল কৰ্তৃপক্ষই দিল্লী প্ৰশাসনৰ পৰা ফাঁচিৰ নতুন তাৰিখ সম্বন্ধে জানিব বিচাৰিছে।

কিয় নিৰ্ভয়াৰ ধৰ্ষণকাৰীক ২২ জানুৱাৰিত ফাঁচি দিয়া নহয়? জানিব পৰা মতে, মুকেশ কুমাৰ নামৰ ধৰ্ষণকাৰী জনে ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰাণভিক্ষাৰ আবেদন জনাইছে আৰু সেই আবেদন এতিয়াও খাৰিজ কৰা হোৱা নায়।

তিহাৰ কাৰাগাৰৰ নিয়ম অনুসৰি দোষীৰ ক্ষমাভিক্ষাৰ সমস্ত পথ বন্ধ হৈ যোৱাৰ পাছতো ১৪ দিন সময় দিয়া হয়। সেই নিয়ম পালন কৰিলে ২২ জানুৱাৰি ৰাতিপুলা ফাঁচি দিয়া সম্ভৱ নহ’ব, যাৰ বাবে দিল্লী চৰকাৰৰ পৰা ফাঁচীৰ নতুন তাৰিখ বিচাৰিছে কাৰাগাৰ কৰ্তৃপক্ষই।

আনহাতে, দোষীৰ মাজৰ পবন আৰু অক্ষয়ে এতিয়াও কিউৰেটিভ আবেদন দাখিল কৰা নাই, তেওঁলোকেও যদি আবেদন দাখিল কৰে তেন্তে ফাঁচিৰ প্ৰক্ৰিয়া আৰু পিছুৱাই যাব।

দিল্লী চৰকাৰে জনোৱা মতে, মুকেশৰ ক্ষমাভিক্ষাৰ আবেদন খাৰিজ কৰাৰ বাবে কেজৰিৱাল চৰকাৰে ৰাষ্ট্ৰপতিক উপ-ৰাজ্যপালৰ মাধ্যমেৰে আহ্বান জনাইছে।

উল্লেখযোগ্য যে, নিৰ্ভয়াৰ ধৰ্ষণকাৰীক ফাঁচিৰ দিন পিছুৱাই থকা কাৰ্য্যত ক্ষুব্ধ হৈ পৰিছে নিৰ্ভয়াৰ মাতৃ।

‘‘কাৰাগাৰ কৰ্তৃপক্ষৰ দোষ, চৰকাৰৰ দোষ, ন্যায়ালয়ৰ লেহেমীয়া গতি আমি কিয় যন্ত্ৰনা ভোগ কৰিব, দোষীৰ বাবে যদি হাজাৰটা ৰাস্তা খোলা থাকে মোৰ মৃত কন্যাক মাত্ৰ এটা ৰাস্তাৰে ন্যায় দিয়ক,’’ নিৰ্ভয়াৰ মাতৃয়ে সাংবাদিকৰ আগত কয়।