NORTHEAST NOW (Assamese)

ছিডনী টেষ্টৰ নায়ক হনুমা বিহাৰী চতুৰ্থ টেষ্টৰ পৰা বাহিৰ!

January 11, 2021 7:34 pm · এন ই নাও নিউজ

আঘাতৰ সমস্যাই বাৰুকৈয়ে শলঠেকত পেলাইছে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলক। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে ছিডনী টেষ্ট ড্ৰ কৰাৰ নায়ক হনুমা বিহাৰীয়ে ব্ৰিছবেনত হ’বলগীয়া অন্তিমখন টেষ্টত অংশ ল’ব নোৱাৰে।

মেচৰ অন্তত বিহাৰীক স্কেনিঙৰ বাবে লৈ যোৱা হৈছিল আৰু মঙলবাৰৰ সন্ধিয়াহে ৰিপ’ৰ্ট অহাৰ সম্ভাৱনা আছে।

কিন্তু পি টি আইয়ে বিচিআইৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি ১৫ জানুৱাৰিৰ পৰা ব্ৰীছবেনত আৰম্ভ হ’বলগীয়া শৃংখলাৰ চতুৰ্থখন মেচৰ পূৰ্বে সুস্থ হৈ নুঠিব বিহাৰী।

অন্ধ্ৰৰ এইগৰাকী ক্ৰিকেটাৰে আজি ছিডনী টেষ্টৰ অন্তিম দিনা ১৬১টা বলত খেলা ২৩ ৰানৰ ইনিংছৰ সহায়তে ভাৰতে মেচখন ড্ৰ কৰিবলৈ সক্ষম হৈছিল।

এই ক্ষেত্ৰত হনুমা বিহাৰীক লগ দিছিল আৰ আশ্বিনে। আশ্বিনে ১২৮টা বলত ৩৯ ৰানৰ ইনিংছ খেলিছিল।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি হনুমা বিহাৰীক সুস্থ হৈ উঠিবলৈ অতি কমেও চাৰি সপ্তাহৰ প্ৰয়োজন হ’ব।

মঙলবাৰৰ ৰিপ’ৰ্টত যদিহে তেওঁৰ আঘাত গুৰুতৰ বুলি প্ৰমাণিত হয় তেন্তে কেৱল ব্ৰীছবেনে নহয় ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ পৰাও বাহিৰ হ’ব পাৰে।

বিহাৰীৰ স্থানত এতিয়া অন্তিমখন টেষ্টত ঋদ্ধিমান সাহা বা মধ্যক্ৰমত মায়ংক আগৰৱালক দলত অন্তৰ্ভুক্ত কৰিব পাৰে।

ইফালে আঘাতৰ বাবে জাদেজাও অন্তিমখন টেষ্টৰ পৰা বাহিৰ হৈছে আৰু তেওঁৰ স্থানত চাৰ্দুল ঠাকুৰক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাৰ পৰা ইতিমধ্যে বেগী বলাৰ মহম্মদ ছামী, উমেশ যাদৱ, বেটছমেন কে এল ৰাহুল বাহিৰ হ’বলগীয়া হৈছে।

Related News