NORTHEAST NOW (Assamese)
দেশ

হনুমান আছিল এজন মহান কূটনীতিবিদ! মন্তব্য বিদেশ মন্ত্ৰী জয়শংকৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2024 3:22 pm
S Jaishankaron Hanuman

মহাকাব্য ৰামায়ণৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ হনুমান আছিল এগৰাকী মহান কূটনীতিবিদ। এই মন্তব্য কৰিছে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

সাক্ষাৎকাৰটোত জয়শংকৰে সীতাৰ সন্ধানৰ সময়ত হনুমানে লংকা ভ্ৰমণৰ উদ্ধৃতি দি হনুমানক এক মহান কূটনীতিবিদ আখ্যা দিয়ে। এ প্ৰসংগতহনুমানক দূত হিচাপে লংকালৈ পঠিওৱাৰ কথা উল্লেখ কৰে জয়শংকৰে।

কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী গৰাকীয়ে কয়, “হনুমান এজন প্ৰকৃত কূটনীতিবিদ, যিহেতু তেওঁক দূত হিচাপে লংকালৈ পঠিওৱা হৈছিল।” তেওঁ লগতে হনুমান প্ৰসংগত আন কিছু মন্তব্য কৰিছে।

লংকা জ্বলোৱাৰ কথা উল্লেখ কৰি জয়শংকৰে কয়, “হনুমানৰ এটা চোৰাংচোৱা অভিযানো আছিল। তেওঁ সীতাৰ বিষয়ে তথ্য আহৰণ কৰিব লাগিছিল। আৰু তেওঁ এজন সক্ৰিয় কূটনীতিবিদো আছিল, যিহেতু বাহিৰলৈ ওলাই অহাৰ পথত তেওঁ তেওঁলোকৰ বহুত ক্ষতি কৰিছিল।”

ইফালে ৰাৱনৰ ৰাজসভাত হনুমানে ব্যৱহাৰ কৰা কূটনৈতিক তথা মানসিক কৌশলৰ কথাও তেওঁ উল্লেখ কৰে আৰু সাম্প্ৰতিক সময়তো ইয়াৰ প্ৰাসংগিকত্যা আছে বুলি যুক্তি দৰ্শায়।

এই সময়ত আনকি মিত্ৰতাৰ ধাৰণাও আছিল বুলি জয়শংকৰে আন এক যুক্তিলৈ আঙুলিয়াই দিয়ে। ৰামৰ বান্দৰ সেনা একপ্ৰকাৰৰ মিত্ৰজোঁট আছিল বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।