NORTHEAST NOW (Assamese)
Popular Stories

36 ল’ডিং……: ভিভা লা পুলগা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2023 9:14 pm
Messi

খেলপথাৰত ২২ জন খেলুৱৈ। সকলোৰে দৃষ্টি নিবদ্ধ এগৰাকী খেলুৱৈৰ ওপৰত। নিপুণ ক্ৰীড়াশৈলীৰ অভিনৱ প্ৰদৰ্শনেৰে বিপক্ষৰ খেলুৱৈৰ মাজেৰে আগলৈ বল ঠেলি আগুৱাই গৈছে এই বিশেষ খেলুৱৈগৰাকী। তাৰ পিছতে ‘মেজিকেল লেফ্ট ফুটে’ৰে নেটলৈ লক্ষ্য কৰি নান্দনিকভাৱে ঠেলি দিছে বল। অথবা গলবক্সৰ ভিতৰত থকা সতীৰ্থৰ ভৰিতে তুলি দিছে নিখুঁত পাছ! ইয়াৰ পিছতে চাৰিওফালে হৰ্ষোল্লাস! — ফুটবলৰ এই চিনাকি দৃশ্যৰ চমৎকাৰী নায়কজনৰ নাম লিঅ’নেল আন্দ্ৰেছ মেছি।

মাত্ৰ ১১ বছৰ বয়সতে Growth Hormone Deficiency ৰোগত ভুগিও ন উদ্যমেৰে বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ তাৰকা হিচাপে প্ৰতিষ্ঠিত হৈ পৰা আৰ্জেণ্টিনাৰ এই মহান ফুটবলাৰগৰাকীয়ে গৰকিলে জীৱনৰ ৩৬ টা বসন্ত। বিশ্বৰ অগনণ ফুটবল অনুৰাগী, প্ৰাক্তন ফুটবলাৰ আৰু ফুটবল বিশেষজ্ঞৰ ভাষাত ‘এলিয়েন’ ‘G.O.A.T’ খ্যাত মেছিয়ে ৩৬ বছৰৰ পিছতো মোহাচ্ছন্ন কৰি ৰাখিছে ফুটবল প্ৰেমী সকলক।

জীৱনৰ ৩৫ টা বসন্ত অতিক্ৰমি ৩৬ লৈ আগবঢ়াৰ সময়তে বিশ্ব ফুটবলৰ পৰম আকাংক্ষিত ক্ষণৰ সোৱাদ দিলে মেছিয়ে। গত বৰ্ষৰ ১৮ ডিচেম্বৰত চিৰ আকাংক্ষিত, চিৰ প্ৰতীক্ষিত ক্ষণৰ দৰ্শক হ’ল বিশ্ব ফুটবল। ফিফাৰ স্বৰ্ণিল বিশ্বকাপ ট্ৰফীত প্ৰথমটো সফলতাৰ চুম্বন আঁকিলে মেছিয়ে। ধন্য হ’ল বিশ্বজুৰি ফুটবলৰ কৌটি কৌটি সমৰ্থক। এতিয়াও এই ক্ষণ বুকুত থাপি যেন সুখানুভূতিৰ স্বপ্ন দেখি আছে মেছি অনুৰাগীয়ে।

লা পুলগা খ্যাত এই মহাতাৰকাগৰাকীৰ জীৱনৰ কেইটামান বিশেষ মুহূৰ্তৰ ছবি চাওঁ আহক-

শিশু কালত মেছি
শৈশৱতে উন্মেষ ঘটিছিল সেই বিশেষ প্ৰতিভাৰ
নেৱেলছ্ অল্ড বয়জ ক্লাৱত অংকুৰিত হৈছিল ভৱিষ্যতৰ এক সোণালী ইতিহাসৰ
বাৰ্চিলোনাৰ জুনিয়ৰ ক্লাৱৰ হৈ অনুশীলনৰত মেছি

 

এক স্বৰ্ণিল ইতিহাসৰ বীজ ৰোপন: বাৰ্চিলোনাৰ মূল দলৰ হৈ অভিষেক
বাৰ্চিলোনাৰ জাৰ্চীৰে প্ৰথমটো গল
আৰ্জেণ্টাইন ফুটবলৰ নৱজাগৰণৰ প্ৰাথমিক ক্ষণ: ৰাষ্ট্ৰীয় দলৰ হৈ অভিষেক
আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গল স্ক’ৰ কৰাৰ পিছত
প্ৰথমবাৰৰ বাবে ‘নম্বৰ ১০’ জাৰ্চীত
কেৰিয়াৰৰ প্ৰথমটো উৱেফা চেম্পিয়নছ্ লীগ খিতাপ জয়ৰ পাছত
কেৰিয়াৰৰ প্ৰথমটো বেল’ন ডি অ’ৰ সন্মান
২০১৪ ৰ ব্ৰাজিল বিশ্বকাপৰ ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে পৰাস্ত হৈ শোকত ভাগি পৰা মেছি

 

কেতিয়া পূৰণ হ’ব এই দুৰ্বাৰ স্বপ্ন!
অপেক্ষাৰ অৱসান: প্ৰথমটো আন্ত: ৰাষ্ট্ৰীয় খিতাপত আকাংক্ষিত চুম্বন
বাৰ্চিলোনাৰ জাৰ্চী পৰিধান কৰি অন্তিম মেচত ভাগ লৈ আবেগ বিহ্বল হৈ পৰাৰ মুহূৰ্তত

 

ফৰাচী ক্লাৱ পেৰিছ ছেইন্ট জাৰ্মেইনৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত
সাতটাকৈ বেল’ন ডি অ’ৰ সন্মান লাভেৰে অনবদ্য খ্যাতি
পৰিয়ালৰ সৈতে এক সুখকৰ মুহূৰ্তত
Messi Steals Show As Argentina Beat Italy In Finalissima – Channels Television
কেৰিয়াৰৰ দ্বিতীয়টো আন্ত:ৰাষ্ট্ৰীয় খিতাপৰ ৰূপত ফাইনেলিছিমা জয়ৰ পিছত সতীৰ্থৰ সৈতে আনন্দোল্লাস
Lionel Messi Confirms Retirement From World Cup
কত দিনৰ স্বপ্ন এয়া! কত বৰ্ষৰ আকাংক্ষা!
বিশ্বজয়ৰ সুখ! আকাংক্ষিত ‘স্বৰ্ণ পৰী’ বুকুত সাবটি নিশাজুৰি সুখানুভূতিৰ স্বাদ ল’লে মহাসেনানীৰ মহানায়কে