লুধিয়ানাত কাৰখানাৰ বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু ১১জনৰ; অসুস্থ বহুতো, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা

পঞ্জাৱৰ লুধিয়ানাৰ এটা কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈছে। এই শোকাৱহ দুৰ্ঘটনাত কমেও ১১ জন লোকৰ মৃত্যু ঘটিছে। আন বহু লোক অসুস্থ হৈ পৰিছে। স্থানীয় ৰাইজে আশংকা কৰিছে যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে পুৱা লুধিয়ানাৰ গিয়াছপুৰাৰ শ্বেৰপুৰ চক অঞ্চলৰ ছুয়া ৰোডৰ এটা কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গমন আৰম্ভ হয়। ইফালে সিফালে বিষাক্ত গেছ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজৰ উশাহ-নিশাহ লোৱাত অসুবিধা হ’বলৈ ধৰিলে।
লগতে পঢ়ক: ৰাস্তাৰ কুকুৰৰ দলে কামুৰি ছিৰাছিৰ কৰি পেলালে মহিলাৰ শৰীৰ; ৰাতিপুৱাই কুকুৰৰ আক্ৰমণত মৃত্যু!
মুঠতে মুঠ ২০ জন লোক অসুস্থ হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে ১১ জনৰ মৃত্যু হৈছে। বাকী কেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহতসকলৰ ভিতৰত আছে কেইবাটাও শিশু।
বাতৰি মতে, দেওবাৰে পুৱা প্ৰায় ৭:১৫ বজাত এটা দুগ্ধ কাৰখানাৰ কুলিং চিষ্টেমৰ পৰা বিষাক্ত গেছ নিৰ্গত হ’বলৈ আৰম্ভ কৰে। কাৰখানাটোৰ চাৰিওফালে গেছ বিয়পি পৰাত স্থানীয় ৰাইজৰ অসুস্থ অনুভৱ হ’বলৈ ধৰিলে। কেইবাজনো লোকে চেতনা হেৰুৱাই পেলায়। তাৰ ভিতৰত কেইবাটাও শিশুও আছিল।
এই তথ্য লাভ কৰি স্থানীয় আৰক্ষী প্ৰশাসনে ততাতৈয়াকৈ অঞ্চলটোত উপস্থিত হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থপনা বাহিনীকো অৱগত কৰা হয়। এনডিআৰএফৰ এটা দলো সেই স্থানত উপস্থিত হয়।
লগতে পঢ়ক: চন্দ্ৰৰ মাটিত পোৱা গৈছে অক্সিজেন; সম্ভৱ হ’ব মানুহৰ বসতি? নাছাৰ পৰীক্ষাত নতুন আশা
জানিব পৰা মতে, এনডিআৰএফ আৰু আৰক্ষীয়ে এতিয়াও কাৰখানাটোৰ চাৰিওফালে বৃহৎ এলেকা ঘেৰাও কৰি আছে। আচলতে কাৰখানাটোৰ চাৰিওফালৰ ৩০০ মিটাৰ এলেকা এতিয়াও সুৰক্ষিত নহয়।
এই গেছ দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে সঠিকভাৱে জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তাৎক্ষণিকভাৱে অঞ্চলটো খালী কৰা হৈছে।