NORTHEAST NOW (Assamese)
অসম

পুনৰ বিতৰ্কত হাৰ্দিক পাণ্ডিয়া, বোৰ্ডৰ নিয়ম ভংগ কৰি বিপদত টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 1, 2020 8:00 am
hardik-pandya_1542782432

আঘাতৰ পৰা মুক্তিপোৱাৰ পাছত টীম ইণ্ডিয়াত যোগদানৰ অপেক্ষাত থকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া এইবাৰ আন এক বিপদত পৰিছে।

ঘৰুৱা ক্ৰিকেটত অংশ গ্ৰহণ কৰাৰ পাছতেই বিতৰ্কত সোমাই পৰিল পাণ্ডিয়া।

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল বোৰ্ডৰ (বিচিচিআই) নিয়ম ভঙাৰ শাস্তিৰ সন্মুখীন হোৱাৰো সম্ভাৱনা দেখা গৈছে পাণ্ডিয়াৰ বিৰুদ্ধে।

মু্ম্বাইত ডিওৱাই পাটিল টী-২০ কাপত ৰিলায়েন্স ওৱানৰ জাৰ্ছি পৰিধান কৰি খেল পথাৰত নামিছিল পাণ্ডিয়া। খেলিছিলে ভালেই।

পাণ্ডিয়াই ২৫টা বলত চাৰিটা ছয়ৰ সহায়ত ৩৮ ৰাণৰ ইনিংছ খেলাৰ লগতে দুৰ্দান্ত বলিঙেৰে তিনিটাকৈ উইকেটো দখল কৰে।

গেলাৰিৰ পৰা পাণ্ডিয়াৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰে ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিৰ মুৰব্বী এম এছ কে প্ৰসাদে। কিন্তু বিতৰ্কত সোমাই পৰিল হাৰ্দিক।

খেল চলি থকাৰ সময়ত দেখা গ’ল যে বিচিচিআইৰ লগ’ লগোৱা হেলমেট পৰিধান কৰিছে হাৰ্দিকে। কিন্তু বোৰ্ডৰ নিয়ম অনুযায়ী ঘৰুৱা মেচত বিতিচিআইৰ লগ’ ব্যৱহাৰ কৰিব নোৱাৰে।

বিচিচিআইৰ নিৰ্দেশনা অনুসৰি এনে কৰিলে সেয়া নিয়ম ভংগৰ অপৰাধ হ’ব আৰু এতিয়া তাৰ বাবে শাস্তিৰ সন্মুখীনে হ’ব পাৰে হাৰ্দিক পাণ্ডিয়া।

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰৰ পৰা আঘাতৰ বাবে হাৰ্দিক খেলৰ পৰা বাহিৰত আছিল। যোৱা অক্টোবৰত ব্ৰিটেইনত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

দেশলৈ উভতি অহাৰ পাছত নিউজিলেণ্ডৰ বিৰুদ্ধে দলত সুযোগ পাইছিল যদিও ফিটনেছ টেষ্টত উত্তীৰ্ণ নোহোৱাত অৱশেষত বাদ পৰে।

এইবাৰো নিউজিলেণ্ডৰ বিৰুদ্ধে দলত সম্পূৰ্ণ ফিটনেছ নোহোৱাৰ বাবে বাদ পৰে।

এইবাৰ শেহতীয়াকৈ ঘৰুৱা প্ৰতিযোগিতাত নামিল যদিও আৰম্ভণিতেই বিচিচিআইৰ লগ’ ব্যৱহাৰ কৰি বিপদত পৰিছে হাৰ্দিক পাণ্ডিয়া।