NORTHEAST NOW (Assamese)
অসম

ধলা হত্যাকাণ্ডৰ চাৰিদিন অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীৰ সন্ধান উলিয়াব নোৱাৰাটো চৰকাৰৰ চৰম ব্যৰ্থতা : হৰিশ ৰাৱট

Posted by: এন ই নাও নিউজ November 5, 2018 1:29 pm
fc597a1e-4f2f-47b9-9c09-243042bbb964

“ৰাজ্য চৰকাৰৰ অবহেলাৰ বাবেই ধলাৰ ঘটনা সংঘটিত হৈছে। এনে এটা পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ সম্পূৰ্ণ দায়ী। শেহতীয়াভাৱে ৰাজ্যত যি অশান্তিৰ পৰিবেশ বিৰাজ কৰিছে তাক নিয়ন্ত্ৰনত বিজেপি চৰকাৰ সম্পূৰ্ণ বিফল হৈছে।”

এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটৰ।

ঘটনাটো সংঘটিত হোৱাৰ চাৰিটা দিন অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীৰ সন্ধান উলিয়াব নোৱাৰাটো চৰকাৰখনৰ চৰম ব্যৰ্থতা বুলিও তেওঁ অভিহিত কৰে।

আনহাতে, এন আৰ চিৰ ওজৰ আপত্তিৰ পৰীক্ষণৰ বাবে ১৫ প্ৰকাৰৰ নথি বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক ৰাৱটে আদৰণি জনায়।

“অসম চৰকাৰে এটা দুমুখীয়া নীতি লৈ এই কাম কৰাইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে প্ৰকৃত ভাৰতীয় লোকক এটা ন্যায় প্ৰদান কৰিলে। এন আৰ চিক আমি অসম চুক্তিৰ যুক্তিপূৰ্ণ পৰিণতিৰ ৰূপত চাই আছো,”-ৰাৱটে কয়।

তদুপৰি, বিজেপিক কটাক্ষ কৰি তেওঁ বিজেপি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বিবুধিত পৰা বুলি কয়। ৰাৱটে লগতে বিজেপিৰ সকলো ক্ষেত্ৰতে ব্যৰ্থতা প্ৰকাশ পোৱা বুলি মন্তব্য কৰে।

আনহাতে, ৰাৱটে সকলো প্ৰকাৰে ব্যৰ্থ হৈ বিজেপিয়ে এতিয়া দেশৰ স্বতন্ত্ৰ সংস্থা সমুহত হস্তক্ষেপ কৰা বুলি কোৱাৰ লগতে এতিয়া উপায়হীন হৈ ৰাম মন্দিৰৰ ইচ্ছ্যুৰে আবেগ সৃষ্টিৰ চেষ্টা কৰি আছে বুলিও  মন্তব্য কৰে।