NORTHEAST NOW (Assamese)

হাৰিয়ানাৰ উপ-মুখ্য মন্ত্ৰী, পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী কোভিড প’জিটিভ

October 6, 2020 4:53 pm · এন ই নাও নিউজ
দুষ্যন্ত চৌতালা

হাৰিয়ানাৰ উপ-মুখ্য মন্ত্ৰী দুষ্যন্ত চৌতালাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

টুইটাৰযোগে চৌতালাই নিজেই কোভিড প’জিটিভ হোৱা বুলি প্ৰকাশ কৰে।

উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে তেওঁ বৰ্তমান হোম আইছ’লেশ্যনত থকা বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান তেওঁৰ স্বাস্থ্য ভালে আছে আৰু ক’ৰ’নাৰ কোনোধৰণৰ লক্ষণ দেখা দিয়া নাই বুলিও সদৰী কৰে।

আনহাতে, দুষ্যন্ত চৌতালাই তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলকো কোভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনায়।

হাৰিয়ানৰ উপ-মুখ্য মন্ত্ৰীৰ লগতে কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী এছ সুৰেশ কুমাৰো ক’ৰ’না প’জিটিভ হৈছে। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সুৰেশ কুমাৰ বৰ্তমান হোম আইছ’লেশ্যনত আছে বুলি সদৰী কৰিছে।

পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিন্ধুৰ শৰীৰতো মঙলবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। সিন্ধুৱে কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ সৈতে একেখন মঞ্চত সভাত অংশগ্ৰহণ কৰিছিল।

Related News