NORTHEAST NOW (Assamese)

IPL, এক ঈৰ্ষণীয় ৰেক’ৰ্ড স্থাপনৰ দিশে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, কোন এই ক্ৰিকেটাৰ!

October 11, 2021 5:38 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 11, 2021 5:41 pm

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(IPL)ৰ ইতিহাসত এক নতুন ৰেকৰ্ডেৰে নিজৰ নাম সন্নিবিষ্ট কৰাৰ দিশে অগ্ৰসৰ হৈছে এজন ভাৰতীয় খেলুৱৈ। ইতিমধ্যে চলিত IPLত চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এইগৰাকী ক্ৰিকেটাৰে।

এই বছৰৰ IPLত সৰ্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাত শীৰ্ষ স্থানত আছে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ হৰ্ষল পেটেল। এই হৰ্ষল পেটেলেই টি-২০ লীগ খনত এক বৃহৎ অভিলেখ ভংগ কৰাৰ পথত আগবাঢ়িছে।

চলিত ছিজনত এতিয়ালৈকে ৩০ টা উইকেট হস্তগত কৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ পেচাৰজনে আইপিএলৰ এটা সংস্কৰণত সৰ্বাধিক উইকেটৰ অভিলেখ ভংগ কৰাৰ পৰা মাত্ৰ তিনিটা উইকেট দূৰত আছে।

বৰ্তমান এই অভিলেখ আছে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ তথা আইপিএল- ত চেন্নাই চুপাৰ কিংছক প্ৰতিনিধিত্ব কৰা ডুৱাইন ব্ৰেভোৰ নামত।

ব্ৰেভোৱে ২০১৩ চনত চেন্নাই চুপাৰ কিংছৰ হৈ আইপিএল- ত ৩২ টা উইকেট দখল কৰিছিল।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে এলিমিনেটৰ মেচত ভাগ লোৱাৰ সময়ত আজি হৰ্ষল পেটেলে এই অভিলেখ ভংগৰ সুযোগ পাব।

অৱশ্যে খেলখনত বাংগালোৰ জয়ী হ’লে আন এটা সুযোগ পাব হৰ্ষলে।

আজিৰ খেলৰ বিজয়ী দলটোৱে দিল্লী কেপিটেলছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰ্ছত ভাগ ল’ব।

হৰ্ষলে ইতিমধ্যে এটা আইপিএল ছিজনত এজন ভাৰতীয়ৰ দ্বাৰা সৰ্বাধিক উইকেটৰ অভিলেখ ভংগ কৰিছে। এই ক্ষেত্ৰত হৰ্ষলে যশপ্ৰীত বুমৰাহক অতিক্ৰম কৰিছে। বুমৰাহে ২০২০ চনৰ আইপিএল- ৰ সংস্কৰণত ২৭ টা উইকেট দখল কৰিছিল।

চলিত সংস্কৰণত হৰ্ষল পেটেলে অৱশ্যে আন এক অভিলেখ ভংগ কৰিছে। তেওঁ এটা ছিজনত

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত  এজন আনকেপড বলাৰৰ দ্বাৰা সৰ্বাধিক উইকেটৰ অভিলেখ স্থাপন কৰিছে।

হাৰিয়ানাৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা হৰ্ষল পেটেলে এই বৰ্ষৰ আইপিএল- ত পাৰ্পল কেপ লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। বৰ্তমান পাৰ্পল কেপৰ দৌৰত দ্বিতীয় স্থানত থকা আভেশ খানতকৈ সাতটা উইকেটত আগবাঢ়ি আছে। আভেশ খানে বৰ্তমানলৈকে ২৩ টা উইকেট লাভ কৰিছে।

Related News