NORTHEAST NOW (Assamese)

অভিনেতা দীপ সিদ্ধুৰ দুৰ্ঘটনাত জড়িত ট্ৰাকৰ চালকক গ্ৰেপ্তাৰ

February 18, 2022 6:41 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ১৫ ফেব্ৰুৱাৰীত দুৰ্ঘটনাত মৃত্যু হোৱা পঞ্জাৱী অভিনেতা তথা যুৱ সমাজ কৰ্মী হোৱা দীপ সিদ্ধুৰ মৃত্যুৰ সন্দৰ্ভত দুৰ্ঘটনাত জড়িত ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে হাৰিয়ানা আৰক্ষীয়ে।

চালকজনক হাৰিয়ানাৰ নুহ জিলাৰ বাসিন্দা কাছিম বুলি চিনাক্ত কৰা হৈছে। তেওঁক কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব।

যোৱা বছৰ গণতন্ত্ৰ দিৱসত কৃষক প্ৰতিবাদৰ সময়ত লালকিল্লা চৌহদত সৃষ্টি হোৱা হিংসাৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিযুক্ত হৈছিল ৩৭ বছৰীয়া অভিনেতাজন।

উক্ত গোচৰত বৰ্তমান জামিনত কাৰাগাৰৰ বাহিৰত থকা দীপ সিদ্ধুৰ বাহনখনে চনিপত জিলাত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হৈছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ দিল্লীৰ পৰা পঞ্জাৱলৈ যাত্ৰা কৰি আছিল। দীপ সিদ্ধুৰ ভাতৃ মনদীপৰ অভিযোগৰ ভিত্তিত ট্ৰাক চালকজনৰ বিৰুদ্ধে তীব্ৰ বেগেৰে আৰু অসাৱধানতাৰে গাড়ী চলোৱাৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছিল।

Related News