NORTHEAST NOW (Assamese)

ৰাছিয়াৰ হৈ যুদ্ধ কৰি ইউক্ৰেইনত নিহত হাৰিয়ানাৰ যুৱক; পুটিনৰ দেশত বিচাৰি গৈছিল চাকৰি

July 29, 2024 11:02 am · এন ই নাও নিউজ, গুৱাহাটী
ইউক্ৰেইনত নিহত হাৰিয়ানাৰ যুৱক ৰবি মৌন। ফটোঃ সংগ্ৰহীত।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত হৈছে আন এজন ভাৰতীয় যুৱক। মস্কোত থকা ভাৰতীয় দূতাবাসে হাৰিয়ানাৰ যুৱক ৰবি মৌনৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।

ৰবি ৰাছিয়াৰ সেনাবাহিনীত জোৱান হিচাপে কাম কৰি আছিল। তেওঁৰ ঘৰ হাৰিয়ানাৰ কাইথাল জিলাৰ মথাউল গাঁৱত। তেওঁ কামৰ সন্ধানত ৰাছিয়ালৈ গৈছিল বুলি পৰিয়ালে জানিবলৈ দিছে। এজন এজেন্টৰ জৰিয়তে দেশখনত উপস্থিত হোৱাৰ পিছত ৰবিয়ে জানিব পাৰে যে তেওঁক ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি দিয়া হৈছে।

লগতে পঢ়কঃ ভাষণৰ সময়তে হঠাৎ ঘটিল ৰক্তক্ষৰণৰ ঘটনা; চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী

কেৱল ৰবিয়েই নহয়, বহু ভাৰতীয় যুৱকে এতিয়া ইউক্ৰেইনত ৰাছিয়াৰ সেনাৰ হৈ যুঁজিছে। অভিযোগ অনুসৰি, যুদ্ধক্ষেত্ৰত তেওঁলোকক পদাতিক বাহিনীৰ সন্মুখৰ লাইনত ৰখা হৈছে। ফলত তেওঁলোকৰ প্ৰাণ হেৰুৱাৰ সম্ভাৱনা বেছি।

শেহতীয়াকৈ মস্কো ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আগত এই বিষয়টো উত্থাপন কৰিছিল। এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি পুটিনে আশ্বাস দিছিল।

পিছত ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

লগতে পঢ়কঃ পেৰিছ অলিম্পিকত পদক লাভ কৰি কি কি কৃতিত্ব অৰ্জন কৰিলে মনু ভাকেৰে?

ৰাছিয়া প্ৰশাসনৰ সূত্ৰ অনুসৰি তেওঁলোকে এজেণ্টৰ জৰিয়তে ভাৰতীয়সকলক নিযুক্তি দিছিল। কিন্তু প্ৰশ্ন উত্থাপন হয় যে সেনাবাহিনীৰ অজ্ঞাতে ভাৰতীয়সকলক কেনেকৈ নিযুক্তি দিয়া হ’ল। তেন্তে ৰাছিয়াই পৰিকল্পনা কৰিয়েই যুদ্ধৰ সময়ত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ সুযোগ লৈ বিদেশী নাগৰিকক সেনাবাহিনীত নিযুক্তি দিছে? 

Related News