NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ! তিনিজনক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 3, 2025 5:29 pm
দিল্লীত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ! তিনিজনক আটক

দেশৰ ৰাজধানী চহৰ দিল্লীত বিভিন্ন সময়ত উত্তৰ্পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত শাৰিৰীক বা মানসিক ভাৱে অপদস্থ কৰাৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ পুনৰ তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। দুজন উত্তৰ পূবৰ ছাত্ৰক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে দিল্লীৰ বিজয় নগৰ এলেকাত মণিপুৰৰ দুজন ছাত্ৰক ছুৰীৰে আক্ৰমণ কৰাৰ অভিযোগত কৃষ্ণ আৰু কৃষ্ণ কাশ্যপ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এজন নাবালকক আৰক্ষীয়ে আটক কৰে। শিক্ষা অৰ্জনৰ সূত্ৰে দিল্লীত থকা জেৰী আৰু শ্বেফাৰ্ড নামৰ উত্তৰ-পূবৰ ছাত্ৰ দুয়জনে এখন দোকানত পানী ক্ৰয় কৰি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়।

আৰক্ষী উপ আয়ুক্তই জনোৱা মতে, বাইক আৰোহী চাৰিজন লোকে ভুক্তভোগীৰ সৈতে কাজিয়া কৰে, আৰু এজনে জেৰীৰ পেটত আৰু শ্বেফাৰ্ডক পিছফালে ছুৰীৰে আঘাত কৰে। গুৰুতৰভাৱে আহত দুজনক ততাতৈয়াকৈ বাৰা হিন্দু ৰাও চিকিৎসালয়লৈ প্ৰেৰণ কৰে বন্ধু এজনে।

ঘটনাৰ পিছতে মডেল টাউন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়। সম্প্ৰতি চিচিটিভিৰ ফুটেজ, কল ৰেকৰ্ড পৰীক্ষাৰ অন্তত স্থানীয় সূত্ৰৰ সহায়ত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে আৰু অভিযুক্তই অপৰাধ স্বীকাৰ কৰে। দুয়োৰে কোনো পূৰ্বৰ অপৰাধজনিত গোচৰ নাই বুলি উল্লেখ কৰিছে আৰক্ষীয়ে। অৱশ্যে এতিয়াও পলাতক চতুৰ্থজন সন্দেহযুক্ত লোক। আৰক্ষীয়ে চতুৰ্থজন অভিযুকক বিচাৰি অভিযান অব্যাহত আছে বুলি সদৰী কৰিছে।