NORTHEAST NOW (Assamese)

‘হাথৰাছৰ তৰুণীক ধৰ্ষণ কৰা নাছিল’; সৰ্বোচ্চ ন্যায়ালয়ক জনালে যোগী চৰকাৰে

October 6, 2020 5:56 pm · এন ই নাও নিউজ
Updated: October 6, 2020 6:02 pm

দেশ কঁপোৱা হাথৰাছ গণধৰ্ষণৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত নিজৰ স্থিতি অৱগত কৰিছে।

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ মতে হাথৰাছৰ তৰুণী গৰাকী ধৰ্ষণৰ বলি হোৱা নাছিল।

চৰকাৰক বদনাম কৰা আৰু ৰাজ্যত হিংসাত্মক পৰিস্থিতি উদ্ভৱ কৰোৱাৰ উদ্দেশ্যে বিৰোধীয়ে ষড়যন্ত্ৰ কৰি এই অপ্ৰচাৰ চলাইছে। এই অভিমত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ।

উল্লেখ্য যে হাথৰাছ গণধৰ্ষণ কাণ্ডৰ তদন্তৰ বাবে কেৱল চিবিআইকে নহয়, বিচাৰ বিভাগীয় তদন্তৰ খাতৰিত সৰ্বোচ্চ ন্যায়ালয়ত এখন জনস্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল।

মংলবাৰে উক্ত আবেদনৰ শুনানিৰ অন্তত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্যাতিতা পৰিয়ালৰ লগতে সাক্ষীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে উত্তৰ প্ৰদেশ চৰকাৰক।

উল্লেখ্য যে যোৱা ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰাছৰ এগৰাকী তৰুণীক চাৰিজন যুৱকে গণধৰ্ষণ কৰি শাৰীৰিকভাৱেও আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে ২ সপ্তাহ ধৰি চিকিৎসালয়ত জীৱন মৰণৰ সৈতে যুঁজ কৰি নিৰ্যাতিতা যুৱতী গৰাকীৰ মৃত্যু ঘটিছিল।

আনকি নিৰ্যাতিতা তৰুণী গৰাকী মৃতদেহটো পৰিয়ালৰ লোকক সৎকাৰ কৰিবলৈ নিদি উত্তৰ প্ৰদেশ চৰকাৰে গোপনে অমানৱীয়তাৰে দাহ কৰিছিল।

এই তথ্য একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰৰ হোৱাৰ লগে লগে দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হয় উত্তৰ প্ৰদেশৰ যোগী চৰকাৰ।

ইফালে এই সন্দৰ্ভত আদালতত দাখিল কৰা শপতনামাত উত্তৰ প্ৰদেশ চৰকাৰে দাবী কৰিছে যে অশান্তি এৰাই চলাৰ বাবেই আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

উত্তৰ প্ৰদেশ চৰকাৰৰ চোৰাংচোৱাই এক ৰিপ’ৰ্টত উল্লেখ কৰিছে যে শৱদেহ সৎকাৰ কৰা দিনা পুৱা হাজাৰ হাজাৰ মানুহে অশান্তি সৃষ্টিৰ বাবে সাজু হৈ উঠিছিল আৰু আইন শৃংখলাজনিত পৰিস্থিতি এৰাই চলাৰ বাবে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

আনহাতে যোগী চৰকাৰে দাবী কৰিছে যে, ৰাজ্য চৰকাৰক বদনাম কৰাৰ বাবে বিৰোধীয়ে এই ষড়যন্ত্ৰ ৰচনা কৰিছে। ইফালে ফৰেনচিক ৰিপ’ৰ্টত তৰণীৰ গৰাকীৰ শৰীৰ নমুনা পৰীক্ষাত পুৰুষৰ বীৰ্য উপস্থিতি লাভ কৰা নাই বুলি কোৱা হৈছিল।

ৰাজ্য চৰকাৰে ফৰেনচিকৰ ৰিপ’ৰ্টক হাথিয়াৰ হিচাপে গ্ৰহণ কৰি হাথৰাছৰ তৰুণী গৰাকী ধৰ্ষণৰ বলি হোৱা নাছিল বুলি দাবী কৰিছে।

উল্লেখ্য যে, এজন অভিযুক্তৰ পিতৃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে থকা ফ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইয়াৰ পিছতে হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা দেখা গৈছে বিজেপিৰ লগতে ৰাজ্য চৰকাৰক।

Related News