NORTHEAST NOW (Assamese)
Popular Stories

বাৰে বাৰে পেৰ’লত মুকলি; ৰাম ৰহিমক পুনৰ জেললৈ ঘূৰাই পঠিওৱাৰ নিৰ্দেশ ক্ষুব্ধ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 1, 2024 9:29 am

আদালতে নিৰ্দেশ নিদিয়ালৈকে গুৰমীত ৰাম ৰহিম সিঙক পেৰ’লত মুকলি কৰি দিব নোৱাৰিব। অহা ১০ দিনৰ ভিতৰত তেওঁ আত্মসমৰ্পণ কৰিব লাগিব। মুঠতে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত স্বঘোষিত ধৰ্ম গুৰুজনে ডাঙৰ আঘাত পালে। উল্লেখ্য যে যোৱা মাহত তেওঁক ৫০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল।

ৰাম ৰহিমক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। হাৰিয়ানাৰ পঞ্চকুলা আদালতে ডেৰা চাচাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

এই ঘটনা পোহৰলৈ অনা এজন সাংবাদিকো হত্যাৰ বলি হব লগা হৈছিল। এই হত্যাকাণ্ডত আন তিনিজনৰ সৈতে ৰাম ৰহিমকো দোষী সাব্যস্ত কৰা হৈছে। লগতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ অভিযোগতো দোষী সাব্যস্ত কৰা হৈছে তেওঁক।

লগতে পঢ়কঃ বাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্বপিং মলত ভয়াৱহ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ ৪৪ জনৰ মৃত্যু

কিন্তু ধৰ্ষণত দোষী সাব্যস্ত হোৱা ধৰ্মগুৰুৱে কাৰাবাসৰ বেছিভাগ সময় কাৰাগাৰৰ বাহিৰত কটায়। ১৯ জানুৱাৰীত হাৰিয়ানা চৰকাৰে তেওঁক ৫০ দিনৰ পেৰ’ল প্ৰদান কৰে। ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁক অধিক দীঘলীয়া সময়ৰ বাবে পেৰ’ল দিয়া হৈছে। যোৱা ১০ মাহত ৭ বাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছে।

ৰাম ৰহিমে কিয় বাৰে বাৰে পেৰ’লত জেলৰ পৰা ওলাই আহিছে সেই সন্দৰ্ভত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হয়। তাৰ আধাৰত আদালতে এই নিৰ্দেশ দিছে।

১০ মাৰ্চৰ ভিতৰত ৰাম ৰহিমে আত্মসমৰ্পণ কৰিব লাগিব বুলি আদালতে হাৰিয়ানা চৰকাৰক স্পষ্ট কৰি দিছে। আগন্তুক দিনত যদি ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া হয় তেন্তে হাৰিয়ানা চৰকাৰে প্ৰথমে আদালতৰ পৰা অনুমতি ল’ব লাগিব। কেৱল এয়াই নহয়, ধৰ্ষণৰ অভিযুক্তক কেনেদৰে পেৰ’ল দিয়া হয় সেই সন্দৰ্ভতো আদালতে হাৰিয়ানা চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছে।

লগতে পঢ়কঃ যোগী ৰাজ্যত চাঞ্চল্যকৰ কাণ্ডঃ উদ্ধাৰ দুই কিশোৰীৰ মৃতদেহ, ধৰ্ষণৰ সন্দেহ

উল্লেখ্য যে সাধাৰণতে নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক মুকলি কৰি দিয়া হয়। অৱশ্যে আদালতৰ নিৰ্দেশ অনুসৰি অহা ১০ দিনৰ ভিতৰত তেওঁ পুনৰ জেললৈ যাব লাগিব। লোকসভা নিৰ্বাচনৰ পূৰ্বেই তেওঁ পুনৰ জেলৰ কুঠৰীত সোমাব লাগিব।