NORTHEAST NOW (Assamese)
অসম

কৰাচী চুইটছ; মুম্বাইত শিৱসেনাৰ ভাবুকিৰ পাছতে নিজৰ মিঠাইৰ দোকানৰ নাম ঢাকিলে স্বত্তাধিকাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 4:14 pm

শিৱসেনাৰ ভাবুকিৰ পাছতে মুম্বাইৰ এখন মিঠাইৰ দোকানৰ স্বত্তাধিকাৰীয়ে নিজৰ দোকানৰ নাম ঢাকি পেলাবলৈ বাধ্য হ’ল।

মুম্বাইত থকা ‘কৰাচী চুইটছ’ নামৰ মিঠাইৰ দোকানখনৰ স্বত্তাধিকাৰী গৰাকীয়ে শিৱসেনাৰ নেতাৰ ভাবুকিৰ পাছতে নিজৰ দোকানৰ নাম ঢাকি পেলায়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত শিৱসেনাৰ নেতা নীতিন নাংগোনকাৰে পশ্চিম বান্দ্ৰাত থকা ‘কৰাচী চুইটছ’ নামৰ মিঠাইৰ দোকানখনক নামটো সলাবলৈ নিৰ্দেশ দিয়ে।

‘‘মই কৰাচী নামটো ঘৃণা কৰো……….কৰাচী হৈছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি,’’ শিৱসেনাৰ নেতা গৰাকীয়ে ভিডিঅ’টোত এনেদৰে কয়।

উল্লেখযোগ্য যে, শিৱসেনাৰ নেতা গৰাকীয়ে এনেদৰে ভাবুকি প্ৰদান কৰি মিঠাইৰ দোকানখনৰ নাম সলনি কৰিবলৈ বাধ্য কৰোৱা কাৰ্য্যক মুম্বাইৰ ভালেসংখ্যক লোকে আদৰণি জনাইছে।

মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা পাকিস্তানৰ কোনো ঠাইৰ নামেৰে মুম্বাইত কোনো দোকান-পোহাৰ বা প্ৰতিষ্ঠান থাকিব নোৱাৰে বুলি একাংশ শিৱসেনাৰ সমৰ্থকে মন্তব্য কৰে।