NORTHEAST NOW (Assamese)
Popular Stories

জন্মতে ওজন আছিল মাত্ৰ ৪০০ গ্ৰাম, চিকিৎসকে কৈছিল জীয়াৰ থকাৰ সম্ভাৱনা ১ শতাংশতকৈও কম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 6, 2023 2:43 pm

মাত্ৰ ২৪ সপ্তাহত অকালতে জন্মগ্ৰহণ কৰা এটি শিশু। চিকিৎসকৰ মতে যাৰ জীয়াই থকাৰ সম্ভাৱনা আছিল ১ শতাংশতকৈও কম। জন্মতে যাৰ ওজন আছিল মাত্ৰ ৪০০ গ্ৰাম।

জীয়াই থকাৰ সম্ভাৱনা ০.৫ শতাংশক অতিক্ৰম কৰি এতিয়া লহপহকৈ বাঢ়ি আহিছে মহাৰাষ্ট্ৰৰ এটি দেৱ শিশু।

২০২২ চনৰ ২১ মে’ত জন্ম হৈছিল শিৱণ্যৰ। পুনেৰ সূৰ্য্য মাদাৰ এণ্ড চাইল্ড কেয়াৰ হাস্পতালৰ শিশুৰোগ বিশেষজ্ঞ শচীন শ্বাহে জনোৱা মতে, গৰ্ভাৱস্থা আৰু জন্মৰ সময়ত শিশুটিৰ ওজন অনুসৰি ভাৰতৰ ইতিহাসৰ আটাইতকৈ সৰু নৱজাতক।

জন্মৰ পিছত একেৰাহে ৯৪ দিন আই চি ইউত ৰখা হৈছিল কণমাণি শিৱণ্যক। যোৱা ২৩ আগষ্টত আই চি ইউৰ পৰা মুকলি কৰি দিয়া হৈছিল শিশুটিক। তেতিয়া শিশুটিৰ ওজন আছিল ২১৩০ গ্ৰাম।

চিকিৎসকৰ মতে, ৩৭ৰ পৰা ৪০ সপ্তাহৰ পিছত জন্ম লোৱাসকলৰ স্বাভাৱিক ওজন ২৫০০ গ্ৰাম বুলি ধৰা হয়। ফলত আই চি ইউৰ পৰা ডিচচাৰ্জ হোৱাৰ পিছত শিৱন্যাৰ অৱস্থা স্বাভাৱিক হৈ পৰে।

শিশুটিৰ পিতৃয়ে কয় যে জন্মৰ প্ৰায় ৭ মাহৰ পিছত কণমানি শিৱনীৰ ওজন প্ৰায় ৪.৫ কিলোগ্ৰাম হয়। এতিয়া মাক-দেউতাকৰ পৰা ডাক্তৰলৈকে সকলোৱে আশা দেখিছে কণমানি শিৱনীৰ যুঁজত।

শিশুটিৰ চিকিৎসক শচীন শ্বাহে দাবী কৰিছে যে ইমান সৰু নৱজাতকৰ জীৱন ৰক্ষাৰ এনে দৃষ্টান্তৰ ভাৰতত কেতিয়াও লিপিবদ্ধ হোৱা নাই।

চিকিৎসকৰ মতে, শিৱন্যাৰ এই ঘটনাই চিকিৎসা ব্যৱস্থাৰ উন্নতিৰ লক্ষণ।