NORTHEAST NOW (Assamese)

তিনিচুকীয়াত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত প্রধান শিক্ষকক আটক

August 25, 2019 2:16 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত চত্তেটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

উত্থাপিত অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোলাপ মৰাণে বিশেষভাৱে সক্ষম এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক দীৰ্ঘদিন ধৰি নিজ কাৰ্যালয়লৈ মাতি নি যৌন নিৰ্যাতন চলাই আহিছিল।

এই বিষয়ে ছাত্ৰীগৰাকীয়ে দুদিন পূৰ্বে পৰিয়ালৰ লোকক অৱগত কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে। এই ঘটনাৰ বিষয়ে পৰিয়ালটোৱে জানিব পাৰি লগে লগে টঙনা আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে (U/S 376/511.IPC R/W/ Section.08 Act of Posco act) ৰ অধীনত গোচৰ ৰুজু কৰি শিক্ষকজনক কালি গ্ৰেপ্তাৰ কৰিছে।

ইফালে টঙনা চাহ বাগিচাৰ এটি শ্ৰমিক পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে যৌন নিৰ্যাতনৰ বলি হোৱাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি কালি বিয়লি আটছাৰ সহযোগত টঙনা থানা ঘেৰাও কৰি চত্তেটিং বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ মৰাণক চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিব পৰা গৈছে।

আনহাতে শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সনা এই শিক্ষকজনৰ জঘন্য কাণ্ডক লৈ অঞ্চলটোত আজিও ব্যাপকভাৱে চৰ্চিত হোৱাৰ লগতে কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন হৈছ।

Related News