NORTHEAST NOW (Assamese)
অসম

যেতিয়া সংকটত পৰিছিল অমিতাভ অভিনীত ছবি, কেনেদৰে সহায় কৰিছিল অৰুণ জেটলীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2019 2:35 pm
jpg

প্ৰাক্তন কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পাছত শনিবাৰে ৬৬ বছৰ বয়সত  পৰলোকপ্ৰাপ্তি ঘটে।

জেটলীৰ মৃত্যুত সমগ্ৰ দেশ শোকস্তব্ধ হৈ পৰিছে। বলীউদৰ বহু তাৰকাই নেতাগৰাকীক সজল নয়নেৰে শ্ৰদ্ধাঞ্জলি জনায়।

জেটলীৰ স্মৃতি সুঁৱৰি বলীউদৰ প্ৰযোজক শীতল তলৱাৰে তেওঁৰ সৈতে থকা কিছু বিষেষ স্মৃতিৰ কথা সোঁৱৰে।

তেওঁলোকৰ ছবি ‘ৰণ’ৰ বাবে কেনেদৰে জেটলীয়ে আদালতত যুঁজ দিছিল সেয়া সদৰী কৰে। ছবিখনৰ নায়ক আছিল অমিতাভ বচ্চন।

শীতল তলৱাৰে অৰুণ জেটলী সম্পৰ্কত ক’বলৈ গৈ সাক্ষাৎকাৰত উল্লেখ কৰে যে ‘ৰণ’ৰ প্ৰথম প্ৰম’ মুকলি হোৱাৰ সময়তে ৰামগোপাল বাৰ্মা বিতৰ্কত সোমাই পৰিছিল।

ইয়াৰ কাৰণ আছিল প্ৰম’টোৰ প্ৰথমতে অহা গানটো। গানটোৰ গীতাংশ ৰাষ্ট্ৰীয় সংগীতত সলনি কৰি ‘জন গণ ৰণ’ লিখা হৈছিল।

গানটোৰ সুৰো ৰাষ্ট্ৰীয় সংগীতৰ দৰে ৰখা হৈছিল। এই প্ৰম’টো অহাৰ পাছতে ছেন্সৰ বোৰ্ডে পৰিচালকগৰাকীক নিষিদ্ধ কৰিছিল।

সেই সময়তে ছবিখনৰ কাৰণে প্ৰযোজক গোষ্ঠীয়ে অৰুণ জেটলীৰ সৈতে কথা পাতিছিল। তলৱাৰ আৰু ৰামগোপাল বাৰ্মাই বৃত্তিগত পৰামৰ্শ বিচাৰি জেটলীৰ ওচৰলৈ গৈছিল।

জেটলীয়ে পলকতে তেওঁলোকৰ গোচৰটো ল’লে আৰু ক’লে, ‘’আগলৈ গৈ কি হয় মই ক’ব নোৱাৰিম, কিন্তু মই মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিম। আপোনালোকৰ প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ আছে।‘’

শীতল তলৱাৰে কয়,’’জেটলীয়ে এজন শিল্পীৰ সৃজনীমূলক স্বাধীনতাৰ পূৰ্ণ সমৰ্থন কৰিছিল। তেওঁ এগৰাকী সুন্দৰ অধিবক্তা আছিল। তেওঁৰ বক্তব্য বহুত যুক্তিপূৰ্ণ আছিল। দুৰ্ভাগ্যবশত: আমি গোচৰটো হাৰিছিলো। কিন্তু জেটলীয়ে আদালতত যিদৰে যুক্তি প্ৰদৰ্শন কৰিছিল সেয়া কেতিয়াও পাহৰিব নোৱাৰো।‘’

উল্লেখযোগ্য যে ‘ৰণ’ চলচ্চিত্ৰখন ২০১০ চনত মুক্তি পাইছিল। ছবিখনত অমিতাভ বচ্চন, গুল পানাগ, পৰেশ ৰাৱাল, আৰু ৰীতেশ দেশমুখে কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।