NORTHEAST NOW (Assamese)
অসম

ৰূপহীহাটত স্বামীগৃহত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ, প্ৰতিবাদ ৰাইজৰ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা August 25, 2019 4:12 pm
Woman death case Assam Nagaon Rupahihat

স্বামীগৃহত অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাক লৈ ৰূপহীঘাট কৰৈগুৰিৰ একাংশ মহিলা আৰু স্থানীয় ৰাইজে শনিবাৰে নিশা প্ৰতিবাদ জনায়।

কৰৈগুৰি গাঁৱৰ জীয়ৰী নাজিমা পাৰবিন নামৰ মহিলাগৰাকীক ৩নং বৰঘূলিস্থিত স্বামীগৃহত গিৰিয়েক আৰু তেওঁৰ প্ৰথমা পত্নীৰ তিনি পুত্ৰই হত্যা কৰাৰ অভিযোগ তুলিছে ৰাইজে।

ৰাইজৰ মতে, শিক্ষক স্বামী গুলাম মুস্তাফা আৰু তিনি পুত্ৰই মিলি পৰিকল্পিতভাৱে কেৰাচিন ঢালি মহিলাগৰাকীক হত্যাৰ চেষ্টা কৰিছিল আৰু তাৰ পৰিণতিতে মহিলাগৰাকীৰ মৃত্যু হয়।

আৰু সেয়ে, স্বামীসহ তিনি পুত্ৰক আৰক্ষীয়ে শীঘ্ৰে কৰায়ত্ত কৰি “উচিত শাস্তি দিয়া ব্যৱস্থা কৰিব লাগে” বুলি ৰাইজে দাবী জনাইছে।

বৃহস্পতিবাৰে নিশা অগ্নিদগ্ধ হোৱাৰ ঘটনাটো ঘটিছিল।

অগ্নিদগ্ধ মহিলাগৰাকীক সেই নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও শুকুৰবাৰে নিশালৈ চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক আঁকোৱালি লয়।

শনিবাৰে বিয়লি কৰৈগুৰিস্থিত মাতৃগৃহলৈ মহিলাগৰাকীৰ মৃতদেহ লৈ অহাৰ পিছতে গাওঁখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু ৰাইজে “দোষী”ৰ শাস্তি দাবী জনায়।