NORTHEAST NOW (Assamese)

দীৰ্ঘদিন ধৰি পাঁচগৰাকী ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ

December 16, 2020 3:17 pm · এন ই নাও নিউজ
Updated: December 16, 2020 4:29 pm

পুনৰ কন্যা শিশুক ধৰ্ষণ কৰাৰ দৰে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।

এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকে পাঁচগৰাকী ছাত্ৰীক দীৰ্ঘদিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰি আহিছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে যোৱা আগষ্ট মাহৰ পৰা ৭ ৰপৰা ১১ ভিতৰৰ পাঁচ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ কৰি আহিছিল।

ধৰ্ষণত অভিযুক্ত শিক্ষক গৰাকীয়ে প্ৰতি গৰাকী ছাত্ৰীকে সমগ্ৰ ঘটনা গোপনে ৰাখিবলৈ ভাবুকি দি আহিছিল।

কিন্তু বিদ্যালয়খনৰ নিৰ্যাতিতা এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী অসুস্থ হৈ পৰাত ধৰ্ষণৰ ঘটনাটো পোহৰলৈ আহে।

ইয়াৰ পিছতে পোহৰলৈ আহে যে ভদ্ৰাদি গাঁৱৰ ৪০ বছৰীয়া উক্ত প্ৰধান শিক্ষকজনে বিদ্যালয়খনৰ পাঁচগৰাকী শিশু ছাত্ৰীক যোৱা আগষ্ট মাহৰ পৰা উপৰ্যুপৰি ধৰ্ষণ কৰি আহিছিল।

লকডাউনৰ পিছত বিদ্যালয়খন খোলাৰ সময়ৰ পৰা দুয়োগৰাকী শিক্ষকে নগণ্যসংখ্যক শিক্ষাৰ্থীক পাল পাতি পাঠদান কৰি আহিছিল।

বিদ্যালয়ত অন্য শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপস্থিতিৰ সুযোগত ছাত্ৰীসকলক প্ৰধান শিক্ষগৰাকীয়ে পৰ্ণ ভিডিঅ’ দেখুৱাবলৈ আৰম্ভ কৰে আৰু এইদৰে নিজৰ অসৎ কৰ্ম চাৰিতাৰ্থ কৰিবলৈ ধৰে।

সমগ্ৰ ঘটনাটো পোহৰলৈ অহা পিছতে নিৰ্যাতিতা ছাত্ৰীসকলৰ অভিভাৱকে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়ে পস্কো আইনৰ অধীনত ভাৰতী দণ্ডবিধি আইনৰ ৩৭৬ ধাৰাত গোচৰ ৰুজু কৰিছে অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে।

ইফালে ঘটনাটো পোহৰলৈ অহাৰ পৰাই অভিযুক্ত প্ৰধান শিক্ষকজন পলাতক হৈ আছে। আৰক্ষীয়ে অভিযুক্ত শিক্ষকগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে।

“ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান তালাচী আৰম্ভ কৰিছে। অভিযুক্তক কৰায়ত্ত কৰাৰ পিছতে তেওঁ কৰা অপৰাধ সম্পৰ্কে বিস্তাৰিতভাৱে জানিব পৰা যাব।” আৰক্ষী অধীক্ষক সুনীল দত্তই সংবাদ মাধ্যমৰ আগত কয়।

Related News