NORTHEAST NOW (Assamese)
অসম

শিক্ষক সমাজক লজ্জানত কৰা ঘটনা : লখিমপুৰত হত্যাৰ গোচৰত গ্ৰেপ্তাৰ প্ৰধান শিক্ষক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 30, 2024 9:01 pm
শিক্ষক সমাজক লজ্জানত কৰা ঘটনা : লখিমপুৰত হত্যাৰ গোচৰত গ্ৰেপ্তাৰ প্ৰধান শিক্ষক

এইবাৰ হত্যাৰ গোচৰত আৰক্ষীৰ জালত পৰিছে প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক। লখিমপুৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰধান শিক্ষকগৰাকীক।

অভিযোগ অনুসৰি বগীনদী থানাৰ অন্তৰ্গত গোম নদী এল পি স্কুলৰ প্ৰধান শিক্ষক কনাকেশ্বৰ বুঢ়াগোহাঁইয়ে হত্যা কৰিছে চিজুলি চাহ বাগিচাৰ সমীপৰ ধলাবস্তিৰ ৰাজু ধনোৱাৰ নামৰ এজন ব্যক্তিক।

আজি পুৱা ধলবস্তিৰ এটা কুঁৱাৰ পৰা উদ্ধা কৰা হৈছে ধনোৱাৰৰ মৃতদেহ।

জানিব পৰা মতে, অভিযুক্ত কনকেশ্বৰ বুঢ়াগোহাঁইৰ সৈতে শত্ৰুতা আছিল ৰাজু ধনোৱাৰৰ।

এই হত্যাকাণ্ডত অঞ্চলটোত শোকৰ ছাই বিৰাজ কৰিছে। লগতে হত্যাকাণ্ডৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে গাঁওবাসীয়ে।