NORTHEAST NOW (Assamese)
জীৱনশৈলী

ফেটি লিভাৰৰ পৰা বাচি থাকিবলৈ কি কি খাব আৰু কি কি নাখাব?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 31, 2024 7:11 am

নিয়মিত মদ্যপান, দৈনিক বাহিৰৰ খাদ্য খোৱা, অনিয়মিত জীৱনশৈলী ইত্যাদিৰ বাবে আজিকালি বিভিন্ন ৰোগে মানুহক কাবু কৰি পেলাইছে। ইয়াৰে সততে হোৱা এটা ৰোগ হৈছে ফেটি লিভাৰ।

এইমছৰ এক প্ৰতিবেদন অনুসৰি বৰ্তমানৰ ভাৰতৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ অৰ্থাৎ ৩৮ শতাংশই ফেটি লিভাৰৰ সমস্যাত ভুগিছে।

ফেটি লিভাৰ মানে হৈছে লিভাৰ বা যকৃতত চৰ্বি জমা হোৱা। অত্যধিক মদ্যপানৰ ফলত এলকহলিক ফেটি লিভাৰ হয়। দুৰ্বল জীৱনশৈলী আৰু নিয়মীয়াকৈ জাংক ফুড সেৱন কৰিলে মদ্যপান নকৰা ব্যক্তিৰো চৰ্বিযুক্ত যকৃতৰ সৃষ্টি হ’ব পাৰে।

ফেটি লিভাৰ বা চৰ্বিযুক্ত যকৃতৰ সমস্যা ধৰা পৰিলে পৰিহাৰ কৰিবলগীয়া কিছুমান খাদ্য ইয়াত উল্লেখ কৰা হ’ল –

চেনি চৰ্বিযুক্ত যকৃতৰ শত্ৰু। চেনি থকা খাদ্য খোৱাৰ পৰা বিৰত থাকক। কেক, কুকিজ, মিঠাই, চেনি দিয়া চাহ আদিৰ পৰা আঁতৰি থাকক।

পকোৰা, চপ, কাটলেটৰ পৰা আৰম্ভ কৰি আন তেল আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰক।

ৰঙা মাংস, প্ৰচেছড ফুড বা ফাষ্ট ফুড কেতিয়াও নাখাব।

একেবাৰেই মদ্যপান নকৰিব। ফেটি লিভাৰৰ সমস্যাত মদ খালে যকৃত বিকল হব পাৰে।

ফেটি লিভাৰৰ পৰা বাচি থাকিবলৈ কি খাব?

সতেজ আৰু বতৰৰ শাক-পাচলি, ফলমূল নিয়মীয়াকৈ খাব।

আলমণ্ড, আখৰোট, পিষ্টাচিয়া আদি খাব পাৰে।

যিকোনো ধৰণৰ দাইল চৰ্বিযুক্ত যকৃতৰ বাবে ভাল।

ইয়াৰ উপৰিও খাদ্যত চিয়া গুটি, শণৰ গুটি, সূৰ্য্যমুখীৰ গুটি আৰু কুমলীয়া ডালিমৰ গুটি ৰাখিব পাৰে।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাছ আৰু কুকুৰা মাংস খাব পাৰে। কুকুৰাৰ মাংসত ক্ষীণ প্ৰটিন থাকে আৰু মাছত ওমেগা-৩ ফেটি এচিড থাকে। যাৰ ফলত ফেটি লিভাৰৰ লগতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।