NORTHEAST NOW (Assamese)

সুস্থ হৈ থাকিবলৈ চুম্বন কৰক : চুমাৰো আছে অনেক স্বাস্থ্য উপকাৰিতা। জানেনে?

June 11, 2024 2:07 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 11, 2024 2:19 pm

মৰমৰ এক মৌন ভাষা হৈছে চুম্বন। প্ৰেমত চুম্বনক অতি আন্তৰিক আৰু পবিত্ৰ সান্নিধ্য বুলি গণ্য কৰা হয়।

সকলো প্ৰেমিক প্ৰেমিকা বা স্বামী-স্ত্ৰীয়ে প্ৰেম প্ৰকাশ কৰিবলৈ চুম্বন কৰে। কিন্তু চুমাৰে যে আছে বহু স্বাস্থ্য উপকাৰিতা, সেই কথা হয়ো বহুতেই নাজানে।

গৱেষণাৰ পৰা দেখা গৈছে যে চুমা খালে তেজত এন্টি এলাৰ্জী এন্টিব’ডি বৃদ্ধি পায়। ফলত চুমাই এলাৰ্জী ৰোধ কৰাত সহায় কৰে।

চুমা খোৱাটোৱে মুখৰ এক ব্যায়াম হিচাপে কাম কৰে। যাৰ বাবে নিয়মীয়াকৈ চুমা খালে মুখত বয়সৰ চাপ নপৰে।

চুমা খালে উশাহৰ গতি বিধি বৃদ্ধি পায়। যাৰ ফলত হাওঁফাওঁ শক্তিশালী হয়।

চুমা খালে মানসিক উদ্বেগ কমি যায়। চুমাৰ ফলত মগজুত সুখী হৰম’ন চেৰ’টনিন নিৰ্গত হয়।  লগতে চুমা খালে মূৰৰ বিষো ভাল হয়।

গতিকে চুমাই আপোনাৰ প্ৰিয় জনৰ লগত মধুৰ সম্পৰ্ক বজাই ৰখাৰ লগতে স্বাস্থ্যৰো উপকাৰ সাধে।

Related News