NORTHEAST NOW (Assamese)
অসম

আলোচনালৈ মাতি নাৰ্ছ সন্থাক অপমান স্বাস্থ্য মন্ত্ৰীৰ : উপস্থিত নাথাকিল কোনো শীৰ্ষ বিষয়া

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 27, 2018 2:08 pm
Nurse_Protest-750x375

সোমবাৰৰ পৰা অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰা সদৌ অসম নাৰ্ছ সন্থাক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি আনি প্ৰতাৰণা কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে সংগঠনটোৰ নেতৃত্ব।

উল্লেখযোগ্য যে সদৌ অসম নাৰ্ছ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীত সোমবাৰৰ পৰা আৰম্ভ কৰা কৰ্ম বিৰতি কাৰ্যসূচীৰ ফলত ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্যসেৱা খণ্ডত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় কেইখনৰ লগতে চৰকাৰী হাস্পাতলসমূহত ৰোগীসকলে ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

এনে পৰিপ্ৰেক্ষিতত বিভাগৰ পৰা সংগঠনটোৰ নেতৃত্বক স্বাস্থ্য মন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে আজি ১০ বজাত জনতা ভৱনলৈ আমন্ত্ৰণ জনাইছিল যদিও সময়ত তেওঁলোকক প্ৰতাৰণা কৰে।

জানিব পৰা মতে, সদৌ অসম নাৰ্ছ সন্থাক আলোচনাৰ বাবে ১০ বজাত আমন্ত্ৰণ কৰি মাতি আনি দিনৰ ১২ বজালৈকে স্বাস্থ্য মন্ত্ৰী গৰাকী উপস্থিত নহ’ল।

আশ্চৰ্যজনকভাৱে, বিভাগটোৰ কোনো এজন শীৰ্ষ বিষয়াও আলোচনাৰ বাবে উপস্থিত নাথাকিল। স্বাস্থ্য বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰিছে সদৌ অসম নাৰ্ছ সন্থা।

ইপিনে, নাৰ্ছ সন্থাৰ সভাপতি অঞ্জনা শইকীয়াই জানিবলৈ দিয়ে যে স্বাস্থ্য মন্ত্ৰীয়ে ১০ বজাত আলোচনালৈ মাতি ১২ বজালৈকে উপস্থিত নোহোৱাত সন্থাৰ প্ৰতিনিধি দলটো উভতি আহে।

আনহাতে, স্বাস্থ্য মন্ত্ৰী তথা স্বাস্থ্য বিভাগে তেওঁলোকক এনেদৰে আলোচনালৈ মাতি আনি অপমান কৰাত সন্থাৰ নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে আৰু এতিয়া আন্দোলন অব্যাহত ৰখাৰ লগতে ইয়াক অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি জানিব দিয়ে।