NORTHEAST NOW (Assamese)
জীৱনশৈলী

পুষ্টিকৰ গুণাগুণেৰে ভৰপূৰ গ্ৰীণ মটৰঃ উপকাৰিতাৰ বিষয়ে জানিলে হ’ব উপকৃত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2024 5:05 pm
Green Peas benefits

ব্যক্তিৰ দেহ নিৰোগী আৰু সুস্থ-সবল কৰি তোলাত প্ৰধান ভূমিকা লয় স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্যই। যিকোনো স্বাস্থ্য সচেতক ব্যক্তিয়ে সেয়ে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলগীয়া খাদ্য বস্তুৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।

মানৱ দেহৰ এনে উপযোগী খাদ্য তালিকাত নিশ্চিতভাৱে স্থান পাবলগীয়া এবিধ খাদ্য হৈছে গ্ৰীণ মটৰ। বাকলিচটাতে এই ক্ষুদ্ৰ খাদ্য দ্ৰব্যবিধৰ এনে কিছু গুণাগুণ আছে, যিসমূহৰ বিষয়ে হয়তো আমি জ্ঞাত নহয়।

গ্ৰীণ মটৰৰ এনে গুণাগুণ সন্দৰ্ভে জানিবলৈ দিছে বিশেষজ্ঞ সকলে। বিশেষজ্ঞ সকলৰ তথ্য অনুসৰি, গ্ৰীণ মটৰত থাকে দেহ উপযোগী সকলো উপাদান।

কেলৰী, কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন, চৰ্বি, বিভিন্ন ভিটামিন, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, জিংক এই সকলোবোৰ উপাদান উপলব্ধ গ্ৰীণ মটৰত।

গ্ৰীণ মটৰৰ স্বাস্থ্য উপকাৰিতা:

হৃদযন্ত্ৰৰ স্বাস্থ্য: গ্ৰীণ মটৰত পটাছিয়াম, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ দৰে হৃদযন্ত্ৰৰ বাবে উপযোগী পুষ্টিকৰ উপাদান থাকে, যিয়ে হৃদযন্ত্ৰৰ সুস্থতা বৃদ্ধি কৰে।

পাচন স্বাস্থ্যঃ গ্ৰীণ মটৰত থকা ফাইবাৰে শৌচ খোলোচাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰি পাচন স্বাস্থ্যত কৰে।

তেজত চুগাৰ নিয়ন্ত্ৰণ: গ্ৰীণ মটৰত থকা ফাইবাৰে তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেয়ে ডায়েবেটিছ ৰোগীৰ বাবে ই অত্যন্ত উপকাৰী।

হাড়ৰ উপযোগী: গ্ৰীণ মটৰে কেলচিয়াম, ফছফৰাছ, মেগনেছিয়ামৰ দৰে প্ৰয়োজনীয় খনিজ পদাৰ্থ যোগান কৰে। এই উপাদানসমূহে দেহৰ হাড় মজবুত কৰি তোলে।

ওজন নিয়ন্ত্ৰণ: সেউজীয়া মটৰত ফাইবাৰ আৰু প্ৰটিনৰ উপস্থিতিৰ বাবে ব্যক্তিৰ দেহৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে।

তদুপৰি ভ্ৰুণৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ ফ’লেটৰ উপস্থিতিৰ বাবে গ্ৰীণ মটৰ গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী হ’ব পাৰে।