NORTHEAST NOW (Assamese)

কৃষক নেতা অখিলে পাবনে জামিন? উচ্চ ন্যায়ালয়ত আজি প্ৰথমটো শুনানি

September 28, 2020 10:11 am · কল্পজ্যোতি শইকীয়া
ফাইল ফটো।

NIA-ৰ আদালতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ জামিন বাতিল কৰাৰ পাছত আজি অৰ্থাৎ সোমবাৰৰ পৰা গুৱাহআটী উচ্চ ন্যায়ালয়ত জামিনৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

ইতিমধ্যে শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহ  প্ৰস্তুত হোৱা বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে অখিলৰ অধিবক্তা কৃষ্ণ গগৈয়ে।

অখিল গগৈৰ হৈ নৰসিংহই NIA-ৰ বিৰুদ্ধে আদালতত নিজৰ যুক্তি আগবঢ়াব।

ইপিনে, কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত অসমলৈ নাহি দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নৰসিংহই।

উচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ কল্যান ৰাই চূড়ানা আৰু মনোজিত ভূঞাৰ দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।

উল্লেখযোগ্য যে, NIA ৰ ১৩/১৯ নম্বৰ গোচৰত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ।

যোৱা ৯ মাহে কাৰাৰুদ্ধ অখিল গগৈ বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে, অখিল গগৈৰ আইনী যুঁজৰ বাবে প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ যুক্তিয়ে অখিলক মুকলি আকাশৰ তললৈ আনিব পাৰিবনে সেয়া সময়ত লক্ষণীয় হ’ব।

Related News