বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
বুধবাৰে ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। প্ৰবল ধুমুহা-বৰষুণ আহিব পাৰে অসমত।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰৰ বাবে জাৰি কৰিছে সতৰ্কবাণী।
বুধবাৰৰ বাবে হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং জিলাত।
শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ বাবেও বুধবাৰৰ দিনটোৰ বাবে হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী জিলাৰ এটা অংশতো জাৰি কৰা হৈছে হালধীয়া’ এলাৰ্ট।
এই সময়ছোৱাত এই জিলাসমূহৰ দুই-এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। একেদৰে, বিজুলী-ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।