NORTHEAST NOW (Assamese)
দেশ

ন্যায়িক জিম্মালৈ হেমন্ত ছোৰেনঃ ২২ ফেব্ৰুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2024 7:55 pm
Hemant Soren

ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক আজি বিশেষ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আজি ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ২২ ফেব্ৰুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বে ছোৰেন গ্ৰেপ্তাৰৰ পিছৰ পৰাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জিম্মাত আছিল।

ছোৰেনক প্ৰতিনিধিত্ব কৰা এডভোকেট জেনেৰেল ৰাজীৱ ৰঞ্জনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী জামিনৰ বাবে শীঘ্ৰেই আবেদন দাখিল কৰা হ’ব বুলি উল্লেখ কৰে।

ইফালে আদালতৰ এই ৰায়ৰ পিছতে ছোৰেনক ৰাঁচীৰ হোটৱাৰৰ বীৰছা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়।

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীত ধন সৰবৰাহৰ গোচৰত সাত ঘণ্টীয়া জেৰাৰ অন্তত ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে।

ইয়াৰ পিছতে ২ ফেব্ৰুৱাৰীত আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৫ দিনৰ ইডি জিম্মালৈ প্ৰেৰণ কৰে।

তাৰ পিছত ৭ ফেব্ৰুৱাৰীত পুনৰ পাঁচ দিন আৰু ১২ ফেব্ৰুৱাৰীত তিনি দিনৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছিল বিশেষ আদালতে।