NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাৱ্যস্ত

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ October 19, 2024 2:12 pm

শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত আজি অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

অনুসূচিত জাতিৰ লোকসকলক চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিপক্ষে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে অনুসূচিত জাতিৰ লোকৰ উন্নয়নৰ বাবে আৱণ্টিত ১৪০ টকা হৰলুকি কৰাৰ অভিযোগ কৰে।

লগতে পঢ়কঃ গুৱাহাটীত প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত আটক যুৱক

অনুসূচিত জাতিৰ লোক অধ্যুষিত অঞ্চলৰ বাবে ধাৰ্য্য কৰা চৰকাৰী আঁচনি অন্যান্য  জাতিৰ লোক বসবাস কৰা অঞ্চলত ৰূপায়ন কৰাৰো তেওঁলোকে অভিযোগ কৰে।

চৰকাৰৰ বিৰুদ্ধে অনুসূচিত জাতি পৰিষদ ভংগ কৰি জাতিগত প্ৰমাণ পত্ৰ অন্য জাতিৰ লোককো অনুসূচিত জাতিৰ মৰ্য্যদা প্ৰদান কৰি অহাৰ অভিযোগ তোলে।

লগতে পঢ়কঃ প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ প্ৰাক্তন আলফা নেতা অৰূপ কোঁৱৰ ওৰফে অমৰ সিং

এনেসমূহ বিষয়ত বঞ্চনাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।