• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ প্ৰাক্তন আলফা নেতা অৰূপ কোঁৱৰ ওৰফে অমৰ সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2024 11:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন আলফা নেতা অৰূপ কোঁৱৰ ওৰফে অমৰ সিঙক। শুকুৰবাৰে নিশা গোলাঘাটৰ বগৰীজেঙৰ নিজ বাসগৃহৰ পৰা ৪ জনীয়া কেন্দ্ৰীয় অনুসন্ধানকাৰী দলে (চিবিআই) সিঙক গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে কলকাতাৰ পৰা অহা চিবিআইৰ দলটোৱে জেৰাৰ অন্তত সিঙক গ্ৰেপ্তাৰ কৰি গুৱাহাটী লৈ আনে। অমৰ সিঙক আজি গুৱাহাটী বিশেষ আদালতত হাজিৰ কৰি চিবিআইয়ে নিজৰ জিম্মাত ল’ব।

উল্লেখ্য যে, ১৯৯৬ চনৰ ৬ মে’ত গোলাঘাটৰ শিঙিজানত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্ত নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল। অমৰ সিং এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল।

Apply Now

প্ৰাক্তন আলফা অমৰ সিঙে হত্যাকাণ্ডৰ অভিযোগত ১০ বছৰ কাৰাবাসো খাটিছিল। অৱশ্যে ২০১৩ বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিছিল।

লগতে পঢ়কঃ ১০ হাজাৰ কোটিৰ দুৰ্নীতিৰ অভিযোগ, কংগ্ৰেছৰ আক্ৰমণৰ সন্মুখীন মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰ

কিন্তু ২০১৫ চনত পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় নগেন নেওগৰ পৰিয়ালে। সেই অভিযোগৰ ভিত্তিতে প্ৰায় ১২ দিন পূৰ্বে অমৰ সিঙলৈ উচ্চতম ন্যায়ালয়ৰ পৰা চমন আহিছিল।

১৯৯৬ চনৰ ৬ মে’ৰ দিনা দিনটোৰ ব্যস্ত কাৰ্যসূচী সামৰি গোলাঘাটৰ ঘৰখনলৈ উভতি আহিছিল সেই সময়ৰ কংগ্ৰে চৰকাৰৰ সমবায় মন্ত্ৰী নগেন নেওগৰ কনভয়।  মন্ত্ৰী নগেন নেওগৰ কনভয়ত আছিল ৬ খনকৈ বাহন। লগত আছিল চালকসহ ৬ জন নিৰাপত্তাৰক্ষী।

সন্ধিয়া নামি অহাৰ সময়ত মন্ত্ৰী নেওগৰ কনভয়টো ফৰকাটিং বালিজান চাৰিআলিৰ শিঙিজানৰ কাঠৰ দলং অতিক্ৰম কৰিবলৈ লওতেই তাত খাপ পিটি থকা আততায়ীয়ে চৌদিশৰ পৰা ভয়ংকৰ আক্ৰমণ চলায়। আক্ৰমণ চলাই আঁতৰি গৈছিল আততায়ীৰ দলটো। বাহনৰ ভিতৰত মন্ত্ৰী নগেন নেওগসহ ৭জনৰ নিথৰ দেহ পৰি ৰৈছিল। আক্ৰমণকাৰী দলটোৱে মন্ত্ৰীজনৰ নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰবোৰ কাঢ়ি লৈ গৈছিল।

উক্ত ঘটনাত জড়িত আছিল বিদ্ৰোহী সংগঠন আলফা। আক্ৰমণৰ আঁৰত আছিল সেই সময়ৰ গোলাঘাট জিলাৰ আলফা কমাণ্ডাৰ অৰূপ কোঁৱৰ ওৰফে টুটু ওৰফে অমৰ সিং। পৰৱৰ্তী সময়ত অমৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল। চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত নিম্ন আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল৷

লগতে পঢ়কঃ সতৰ্ক ৰে’ল চালকৰ দ্বাৰা এজাক হাতীৰ প্ৰাণ ৰক্ষা; কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থাই কৰিলে সহায়

পৰৱৰ্তী সময়ত ২০১৩ৰ ১৭ মে’ত উচ্চ ন্যায়ালয়ত চলা নগেন নেওগ হত্যাকাণ্ডৰ গোচৰত দোষমুক্ত ঘোষণা কৰা হৈছিল অমৰ সিঙক।

কিন্তু ২০১৫ চনত প্ৰয়াত মন্ত্ৰী নেওগৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে চিবিআইয়ে অমৰ সিঙক গ্ৰেপ্তাৰ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd