NORTHEAST NOW (Assamese)

উৎসৱৰ বতৰৰ মাজতে নতুন স্প্লেণ্ডাৰ মুকলি; সলনি হৈছে লুক

October 23, 2020 10:07 am · এন ই নাও নিউজ

উৎসৱৰ বতৰৰ মাজতে হিৰ’ মট’কৰ্পে ভাৰতত নতুন স্প্লেণ্ডাৰ মুকলি কৰিছে। Splendor Plus ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা বাইক।

ইয়াৰ বিশেষত্ব হৈছে সুন্দৰ মাইলেজ আৰু কম মেইন্টেইনেন্স। নতুন স্প্লেণ্ডাৰ প্লাছৰ নতুন সংস্কৰণ মুকলি কৰা হৈছে।

বজাৰত উপলব্ধ হিৰ’ স্প্লেণ্ডাৰ প্লাছৰ তুলনাত নতুন স্প্লেণ্ডাৰ প্লাছৰ ব্লেক’ত কেইবাটাটাও ডাঙৰ সাল-সলনি ঘটোৱা হৈছে।

হিৰ’ৰ এই নতুন বাইকখনৰ দাম হৈছে ৬৪,৪৭০টকা। হিৰ’ৰ স্প্লেণ্ডাৰ হৈছে কোম্পানীটোৰ বাইকসমূহ ভিতৰত আটাইতকৈ জনপ্ৰিয় বাইক।

হিৰ’ স্প্লেণ্ডাৰ প্লাছৰ ব্লেক সংস্কৰণ তিনিটা ৰঙৰ ভেৰিয়েন্টত মুকলি কৰা হৈছে। ইয়াৰ ভিতৰত আছে ফায়াৰফ্লাই গ’ল্ডেন, বীটল ৰেড আৰু বাম্ব’ল বি য়েলো।

তদুপৰি, গ্ৰাহকে অতিৰিক্ত ১৩৯৯টকা খৰচ কৰি ইয়াত Heroৰ3D লগ’ লগাই ল’ব পাৰে।

হিৰ’ স্প্লেণ্ডাৰ প্লাছৰ ব্লেক আৰু এক্সেন্ট ভাৰ্ছন সম্পূৰ্ণ ‘অল ব্লেক’ ৰূপত আহিছে। বাইকৰ ইঞ্জিন, টায়াৰ, অলয় হুইল আৰু চেইন কভাৰৰ ৰং এইবাৰ ক’লা ৰখা হৈছে।

কোম্পানীয়ে জানিবলৈ দিয়া মতে, এই ব্লেক সংস্কৰণ সকলো আনুষ্ঠানিক শ্ব’ৰূমত পোৱাৰ ব্যৱস্থা কৰা হৈছে।

Related News