NORTHEAST NOW (Assamese)

স্পেচিয়েল ৰিভিউ কমিটীয়ে পৰিদৰ্শন কৰিলে গোৱালপাৰা ডিটেনশ্যন কেম্প

November 22, 2019 8:52 pm · ছফিকুল আহমেদ
গোৱালপাৰা ডিটেনশ্যন কেম্প ভ্ৰমণ কৰা উচ্চ পৰ্য্যায়ৰ কমিটীৰ সদস্যসকল।

ন্যায়িক আৰু আৰক্ষীৰ লোকেৰে গঠিত এখন উচ্চ পৰ্য্যায়ৰ কমিটীয়ে আজি গোৱালপাৰা জিলা কাৰাগাৰৰ ভিতৰত থকা ডিটেনশ্যন কেম্পটো পৰিদৰ্শন কৰে।

স্পেচিয়েল ৰিভিউ কমিটী (এছ আৰ চি) নামৰ চৰকাৰৰ দ্বাৰা গঠিত এই কমিটীখনে ভ্ৰমণকালত ডিটেনশ্যন কেম্পটোৰ বিভিন্ন দিশৰ বুজ লয়। বৰ্তমান কেম্পটোত ২০২জন বন্দী আছে।

ৰাজ্যৰ ছটা ডিটেনশ্যন কেম্পত বন্দী লোকসকললৈ আগ বঢ়োৱা আইনী সাহায্য আৰু তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাবোৰ, খাদ্যৰ মান, স্বাস্থ্যসন্মত জীৱন নিৰ্বাহৰ পৰিৱেশ আদিৰ পৰ্য্যালোচনা কৰি সেইবোৰ উন্নত কৰাৰ বিভিন্ন পৰামৰ্শসহ চৰকাৰক প্ৰতিবেদন দিবলৈ এই কমিটীখন গঠন কৰি দিয়া হৈছে।

তিনি মাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ সময় ধৰি দিয়া কমিটীখনে তাৰ উপৰি বন্দী হৈ থকা শিশুসকলৰ শিক্ষাৰ দিশটোও পৰীক্ষা কৰাৰ কথা আৰু সেইবোৰ উন্নত কৰিবলৈও পৰামৰ্শ আগ বঢ়াব।

ইতিপূৰ্বে এই উচ্চ পৰ্য্যায়ৰ কমিটীখনে তেজপুৰ আৰু কোকৰাঝাৰৰ ডিটেনশ্যন কেম্প ভ্ৰমণ কৰিছিল।

ইয়াৰ পিছতে কমিটীখনে আন তিনিখন জিলা, ক্ৰমে শিলচৰ, ডিব্ৰুগড়, যোৰহাটত থকা ডিটেনশ্যন কেম্পকেইটা ভ্ৰমণ কৰিব বুলি জানিবলৈ দিছে।

কমিটীখনৰ নেতৃত্বত আছে উপ মহাপৰিদৰ্শক (সীমান্ত) দেৱজ্যোতি মুখাৰ্জী আৰু আন আন সদস্যসকল হ’ল ক্ৰমে কাৰাগাৰবোৰৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা আৰু অৱসৰপ্ৰাপ্ত জিলা খণ্ড ন্যায়াধীশ হৰদীপ সিং আৰু এজন ডিটেনশ্যন কেম্প থকা ছখন জিলাৰ উপায়ুক্তসকলৰ দ্বাৰা মনোনীত এজন প্ৰতিনিধি।

উল্লেখ কৰিব পাৰি যে অসমত বৰ্তমান ছটা ডিটেনশ্যন কেম্প আছে আৰু ইয়াত থকা বন্দীসকলৰ দুৰ্দশা সন্দৰ্ভত বিভিন্ন সময়ত মানৱতাবাদী ব্যক্তি আৰু সংগঠনে আপত্তি কৰি আহিছে।

বন্দী অৱস্থাতে স্বাস্থ্যৰ অৱনতি ঘটি কেইবাজনো লোকৰ মৃত্যুৱে গোটেই ৰাজ্য আৰু দেশজুৰি বিভিন্ন পক্ষক সমস্যাটোৰ গম্ভীৰতা সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰিছে।

অতি শেহতীয়াকৈ ডিটেনশ্যন কেম্পত মৃত্যু হোৱা দুজনকৈ বন্দীৰ মৃতদেহ পৰিয়ালৰ লোকে চমজি ল’বলৈ অস্বীকাৰ কৰাত অস্বস্তিত পৰিছিল চৰকাৰ।

Related News