NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়ালৈ ভূমি সংৰক্ষণ বিনে অৰ্থহীন অসম চুক্তিৰ ৬নং দফা বিষয়ক সমিতি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 20, 2019 9:05 pm
High power committee on Assam accord clause 6 meaningless, if land not reserved for indigenous people: Upamanyu Hazarika

প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ মতে, অসমৰ মাটি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত নকৰিলে অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত শেহতীয়াকৈ গঠিত উচ্চস্তৰীয় সমিতিৰ অৰ্থ নাই।

৬নং দফাৰ কাৰ্য্যকৰীকৰণ সন্দৰ্ভত পৰামৰ্শ গ্ৰহণৰ বাবে কেন্দ্ৰই শেহতীয়াকৈ পুনৰ গঠন কৰা সমিতিখনৰ গঠনৰ অধিসূচনাত “ভূমি” বিষয়টো নথকা বাবে হাজৰিকাই এই আশংকা কৰিছে।

“অসম চুক্তিৰ ৬নং দফাৰ অধীনত গঠন কৰা সমিতিক সাংবিধানিক বা আইনী  ৰক্ষা কবচৰ ক্ষেত্ৰত যি বিষয়সমূহ লৈ প্ৰস্তাৱ দিবলৈ গঠন কৰা হৈছে, তাত মূল বিষয় ‘ভূমিক’ উল্লেখ কৰা হোৱা নাই ৷…যদি ৬নং দফাৰ অধীনত গঠন কৰা সমিতিখন ৰক্ষাকবচৰ ক্ষেত্ৰত ‘ভূমি’ বিষয়টো অন্তৰ্ভুক্ত নোহোৱাকৈ হয়, তেন্তে এই সমিতিখন হ’ব অৰ্থহীন,” হাজৰিকাৰ বিবৃতি।

২০১৯ৰ সাধাৰণ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অধিবক্তা হাজৰিকাই ১৯৫১ চনৰ এন আৰ চিৰ ভিত্তিত অসমৰ ভূমি সংৰক্ষণ হোৱাটো বিচাৰিছে।

তেওঁৰ মতে, ভূমিৰ সংৰক্ষণ অবিহনে খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ পৰা নাবাচিব আৰু কেৱল আইনী ৰক্ষাকবচে খিলঞ্জীয়া জনসাধাৰণক ৰক্ষা কৰিব নোৱাৰে৷

“প্ৰব্ৰজনকাৰীৰৰ মূল উদ্দেশ্য হৈছে ভূমিৰ অনুসন্ধান আৰু বে-দখল আৰু অসমত অতি সহজতে ভূমিক্ষেত্ৰত অধিকাৰ পোৱাৰ বাবে ইয়ালৈ অধিক হাৰত অনুপ্ৰৱেশকাৰী প্ৰব্ৰজন ঘটে,” হাজৰিকাৰ মত৷

তেওঁৰ মতে উত্তৰ-পূবৰ আন ৰাজ্যসমূহত ভূমি থলুৱা লোকৰ বাবে সংৰক্ষিত হোৱাৰ কাৰণে সেই ৰাজ্যবোৰত বাংলাদেশী লোকৰ অনুপ্ৰৱেশ অতি নিম্ন, একপ্ৰকাৰে নাই।

সমিতিখনৰ গঠন সম্পৰ্কীয় অধিসূচনাত থকা “আসন সংৰক্ষ‌ণ আৰু চাকৰিৰ বিষয়সমূহ”এ খিলঞ্জীয়াৰ ৰক্ষা কৰিব নোৱাৰে বুলিও তেওঁ মত পোষণ কৰে।

তেওঁৰ মতে আসন সংৰক্ষণ বেদখলকাৰীসকলৰ বাবে সহায়কহে হ’ব আৰু ই কেৱল ৰাজনৈতিক নেতাসকলৰ ভোট বেংক ৰক্ষাতহে সহায় কৰিব।

এই বক্তব্যৰ সমৰ্থনত তেওঁ কয় যে ভূমি খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ হ’লে, ছিপাঝাৰত সন্দেহজনক বাংলাদেশীয়ে বেদখল কৰা বিশাল পৰিমাণৰ ভূমি তেওঁলোকে এৰিবলৈ বাধ্য হ’ব।

কিন্তু ইয়াৰ অন্যথা “একেই বেদখলকাৰীসকলে এই ভূমিৰ ওপৰত সহায়ী অধিকাৰ পাব”, তেওঁ কয়।

আনহাতে প্ৰকাশৰ পথত থকা চূড়ান্ত এন আৰ চিৰ পৰা অসমত বাস কৰা আনুমানিক অতি কমসংখ্যক বিদেশী লোকহে বাদ পৰাটো প্ৰায় স্পষ্ট হৈছে বুলিও তেওঁ মন্তব্য কৰিছে৷