NORTHEAST NOW (Assamese)
অসম

‘ডেথ ভেলি’ত পৃথিৱীৰ সৰ্বোচ্চ তাপমাত্ৰাৰ ৰেকৰ্ড!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 9:08 am
news-death-valley

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াৰ ‘ডেথ ভেলি’ত পৃথিৱীৰ ইতিহাসত সৰ্বোচ্চ তাপমাত্ৰাৰ ৰেকৰ্ড কৰা হৈছে।

যোৱা দেওবাৰে কেলিফ’ৰ্ণিয়াৰ ডেথ ভেলি নেশ্যনেল পাৰ্কৰ এটি স্থানত ৫৪.৪ ডিগ্ৰী চেলছিয়াছৰ এই সৰ্বোচ্চ তাপমাত্ৰাৰ ৰেকৰ্ড কৰা হয়।

বাতৰি অনুসৰি, দেশখনৰ পশ্চিম উপকূল জুৰি গ্ৰীষ্মপ্ৰবাহ চলি থকাত চলিত সপ্তাহত তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাৰ ফালৰ পৰা এই আগজাননী দিয়া হৈছে।

ইয়াৰ পূৰ্বে ২০১৩চনত উক্ত স্থানটোৰ তাপমাত্ৰা ৫৪ডিগ্ৰী চেলছিয়াছ পাইছিল।

প্ৰায় এক শতিকা পূৰ্বে সেই স্থানৰ তাপমাত্ৰা ৫৬.৬ডিগ্ৰী চেলছিয়াছ পোৱাৰ কথা জনা যায়।

কিন্তু দেশৰ একাংশ বতৰ বিজ্ঞানীসকলৰ মতে সেই তাপমাত্ৰা ভুল ৰেকৰ্ড আছিল।

তদুপৰি, ১৯৩১চনত টিউনিছিয়াত ৫৫ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ডৰ কথা পোৱা যায় যদিও সেই তাপমাত্ৰাৰ পৰিমাপক লৈও সন্দেহ প্ৰকাশ কৰি আহিছে বতৰ বিজ্ঞানীসকলে।

দেওবাৰে ডেথ ভেলিত ৰেকৰ্ড কৰা তাপমাত্ৰা সম্পূৰ্ণ বিজ্ঞানভিত্তিক আৰু প্ৰযুক্তিগতভাৱে নিৰ্ভুল পৰিমাপ বুলি বিবেচনা কৰা হৈছে।